• Home
  • »
  • News
  • »
  • assam
  • »
  • মাদ্ৰাছাত জেহাদীৰ জাল! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে

মাদ্ৰাছাত জেহাদীৰ জাল! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে

ড০ শৰ্মাই কয়, ‘‘চৰকাৰী মাদ্ৰাছা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। এতিয়া ধৰ্মীয় মাদ্ৰাছা কিছু কিছু স্থানত চলি আছে।’’

  • Share this:
মাদ্ৰাছাত জেহাদীৰ ঘাটী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘মৈৰাবাৰীত এখন মাদ্ৰাছাৰ এজন শিক্ষকক বাংলাদেশৰ এটা জেহাদী গ্ৰুপৰ লগত সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। আমি সেই ধৰ্মীয় মাদ্ৰাছাখন বন্ধ কৰি দিছো। মাদ্ৰাছাখনৰ ছাত্ৰ–ছাত্ৰীসকলক সাধাৰণ স্কুললৈ লৈ যাবলৈ আমি জিলা উপায়ুক্তক নিৰ্দেশ দিছো। বৰপেটাটো অলপ আগতে ফাণ্ডামেণ্টেলিষ্টৰ ডাঙৰ মডিউল এটা উৎখাত কৰা হৈছে। মডিউলটোৰ সৈতে জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। গোটেইকেইজনৰ বাংলাদেশৰ মৌলবাদী গোটৰ লগত জড়িতৰ স্পষ্ট প্ৰমাণ আহি পৰিছে।’’

ড০ শৰ্মাই কয়, ‘‘চৰকাৰী মাদ্ৰাছা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। এতিয়া ধৰ্মীয় মাদ্ৰাছা কিছু কিছু স্থানত চলি আছে। মৰিগাঁৱৰ মাদ্ৰাছা শিক্ষকক বাংলাদেশৰ সৈতে যোগসূত্ৰ লাভ কৰিছো। এগৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ পিছতে মাদ্ৰাছাখন বন্ধ কৰি দিয়া হৈছে। শিক্ষাৰ্থী সকলক চৰকাৰী বিদ্যালয়লৈ লৈ অনা হৈছে। আমি অনুসন্ধান আৰম্ভ কৰিছো। সম্পূৰ্ণ নজনাকৈ কমেণ্ট নকৰো, কিন্তু ব্যৱস্থা লোৱা হ’ব।’’
Published by:Sanjay Kumar Das
First published: