মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ’ব বাছৰ চলাচল? স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে

কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ’ব বাছৰ চলাচল? স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে

News18 Assam | News18-Assam
Updated:August 20, 2021, 8:42 AM IST
কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ’ব বাছৰ চলাচল? স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট মত, বাছ চলাচল এবাৰ খুলি দিয়াৰ পিছত যদিহে পুনৰ সংক্ৰমণ বৃদ্ধি পায় তেন্তে পুনৰ তিনিমাহৰ বাবে লকডাউন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। 

মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট মত, বাছ চলাচল এবাৰ খুলি দিয়াৰ পিছত যদিহে পুনৰ সংক্ৰমণ বৃদ্ধি পায় তেন্তে পুনৰ তিনিমাহৰ বাবে লকডাউন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। 

  • Share this:
চৰকাৰে বন্ধ কৰি থোৱা আন্তঃজিলা বাছ চলাচল শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত সমগ্ৰ ৰাজ্যতে বাছৰ মালিক, কৰ্মচাৰীসকল প্ৰতিবাদমুখৰ হৈ পৰিছে। শীঘ্ৰে বাছ চলাচলৰ অনুমতি দিবলৈ চৰকাৰক দাবী জনাইছে বাছৰ চালক, হেন্দিমেনকে ধৰি বাছ মালিকসকলে। শেহতীয়াকৈ এই সন্দৰ্ভত মত ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ১ ছেপ্টেম্বৰলৈকে বাছ চলাচল বন্ধ থাকিব বুলি স্পষ্ট কৰি দিয়ে। ৰাজ্যত বৰ্তমানো কোভিড সংক্ৰমণৰ সংখ্যা দৈনিক ৫০০–৭০০ হৈ থকা বাবে বাছ চলাচল খুলি দিয়া হোৱা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। অৱশ্যে সকলো ঠিকে থাকিলে ১ ছেপ্টেম্বৰৰ পৰা বাছ চলাচলৰ অনুমতি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট মত, বাছ চলাচল এবাৰ খুলি দিয়াৰ পিছত যদিহে পুনৰ সংক্ৰমণ বৃদ্ধি পায় তেন্তে পুনৰ তিনিমাহৰ বাবে লকডাউন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

"বাছ চলাৰ পিছত বাছত ৫০% যাত্ৰীয়েহে ভ্ৰমণ কৰিব বুলি কোনো কথা নাই। বিভিন্ন ঠাইত একোখন বাছত ৮০-৯০জন পৰ্যন্ত যাত্ৰী উঠি যায়। তাৰ পৰা যদি সংক্ৰমণ বৃদ্ধি পায়! গতিকে আমি অলপ সাৱধান হ’ব লাগিব। সেয়েহে ১ ছেপ্টেম্বৰৰ আগত বাছ চলাচল খোলা নহয়।", মুখ্যমন্ত্ৰীয়ে এনেদৰে এই সন্দৰ্ভত স্পষ্ট কৰি দিয়ে।
Published by: Sanjay Kumar Das
First published: August 20, 2021, 8:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি