চৰকাৰী বিদ্যালয়ৰ বেয়া ফলাফলক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কিহৰ বাবে চৰকাৰী বিদ্যালয়ৰ ফলাফল বেয়া? তাৰ কাৰণো দৰ্শালে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুটা বছৰ শিক্ষকৰ মাজত সাংবাদিক নোসোমালে এশ শতাংশ ছাত্ৰ–ছাত্ৰী পাছ কৰিব বুলিও ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, ‘‘শিক্ষকৰ বিৰুদ্ধে কঠোৰ হ’ব বিচাৰিলে সাংবাদিকে মাজত সোমাই দিয়ে। দুবছৰ যদি শিক্ষকৰ মাজত সাংবাদিক নোসোমাই তেন্তে এশ শতাংশ পাছ হৈ যাব।’’
‘‘চৰকাৰে মৰম–স্নেহ কৰিলে দুবছৰৰ ভিতৰত পৰিৱৰ্তন হ’ব।
মই আৰম্ভ কৰিছিলো শিক্ষা মন্ত্ৰী থাকোতেই। প্রধান শিক্ষকক মাতি মদ খোৱাজনক মুকলিকৈ কৈ দিছিলো। কিন্তু, আপোনালোকে মাজত সোমাই গ’ল। আপোলোকে মাজত সোমোৱাৰ বাবে মই বাদ দি দিলো।’’ – সাংবাদিকক উদ্দেশ্যি এইদৰে ক’লে ড০ শৰ্মাই।শিক্ষকসকলে মৰ্যাদা বান্ধি ল’লেহে সন্মান পাব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, শিক্ষকসকলে এল আই চি এজেণ্ট কৰিবনে শিক্ষকতা কৰিব, সিদ্ধান্ত তেওঁলোকে লওক।নহলে ফলাফল কেনেকৈ ভাল হ’ব?
শিক্ষকসকলে ধৰ্ণা দিলে দেওবাৰে দিয়ক, স্কুল খোলা দিনত কিয় দিয়ে? শিক্ষকে ধৰ্ণা দিয়াত মোক আপত্তি নাই, কিন্তু বন্ধ দিনত দিয়ক।
নিউজ একেই হ’ব, ল’ৰা–ছোৱালী খিনিয়েতো পঢ়িব।“শিক্ষকৰ ক্ষেত্ৰত আমি কঠোৰ হ'লে আপোনালোকেই আমাক সমালোচনা কৰে। TALK SHOW পাতে, শিক্ষকসকল আন্দোলনত নামে। আমাক মাত্ৰ দুটা বছৰ দিয়ক। তাৰ পাছত দেখিব ১০০ শতাংশই ভাল ৰিজাল্ট হৈছে।” – ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|