• Home
  • »
  • News
  • »
  • assam
  • »
  • নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননীক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, ক’লে – ‘নিৰ্বাচন আহিলেই কংগ্ৰেছে কমপ্লেইন দিয়ে’

নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননীক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, ক’লে – ‘নিৰ্বাচন আহিলেই কংগ্ৰেছে কমপ্লেইন দিয়ে’

টেঙাপানী হাইস্কুলত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সুশান্ত বৰগোহাঁইৰ হৈ মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ।

টেঙাপানী হাইস্কুলত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সুশান্ত বৰগোহাঁইৰ হৈ মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ।

টেঙাপানী হাইস্কুলত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সুশান্ত বৰগোহাঁইৰ হৈ মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ।

  • Share this:
আজি উপ–নিৰ্বাচনৰ বাবে থাওৰা সমষ্টিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। টেঙাপানী হাইস্কুলত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সুশান্ত বৰগোহাঁইৰ হৈ মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ।



সভাত নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘নিৰ্বাচন দুই ধৰণৰ, সাধাৰণ নিৰ্বাচন আৰু উপ–নিৰ্বাচন। উপ–নিৰ্বাচনত চৰকাৰ সলনি নহয়। সাধাৰণ নিৰ্বাচনত কাৰ চৰকাৰ হ'ব ভোট দিওঁতেই চিন্তা হৈ থাকে। কিন্তু উপ–নিৰ্বাচনত কাক ভোট দিম চিন্তা কৰিব নালাগে। এতিয়া বিজেপি চৰকাৰ কেন্দ্ৰতো আছে , ৰাজ্যটো আছে, আগলৈও থাকিব।’’



এইবাৰ ব্ৰহ্মপুত্ৰৰ বানপানী নাহে উন্নয়নৰ বানপানী আহিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গো ব্যৱসায় সন্দৰ্ভতো মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। সভাত মুখ্যমন্ত্ৰীয়ে কয়, গৰুৰ ব্যৱসায় কৰি থাকিব পাৰিব। দুগ্ধ উৎপাদন ব্যৱস্থা উন্নত কৰা হ'ব।গোৰ্খাসকলক কোনেও ডি ভোটাৰ বুলি ক'ব নোৱাৰিব।

পুনৰ গাখীৰৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কংগ্ৰেছ দলৰ গাখীৰ নোলায়। ৰাইজৰ দলৰটো কামেই নাই। যিমান চেষ্টা কৰিলেও গাখীৰ নোলায়। কিন্তু বিজেপি দলে দৈনিক ৭০ লিটাৰ গাখীৰ দিয়ে।’’

আনহাতে, জনজাতীয় লোকসকলৰ কৃষ্টি, সংস্কৃতি, ধৰ্মীয় অনুষ্ঠানৰ বাবে এশ কোটি টকা মুকলি কৰিব বুলি মন্তব্য কৰে হিমন্ত বশ্ব শৰ্মাই। অহা মাহৰ পৰা বন্ধন বেংকৰ ঋণ মাফৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে, নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নিৰ্বাচন আহিলে কমপ্লেইন দিয়েই। আমি দুখীয়াৰ বাবে আঁচনি ঘোষণা কৰিছো। ৰাইজে বাজেটত ঘোষণা কৰা আঁচনি পাব। তাত কমপ্লেইন দিবলগা কোনো কথা নাই। প্ৰতি বছৰে তেওঁলোকে একোখন কমপ্লেইন দিয়েই। নিৰ্বাচন আয়োগে যি কয় শুনি থৈ দিলেই হ’ল।’’



আনহাতে, থাওৰা সমষ্টিৰ মহাৰাণী পঞ্চায়তৰ লখিমী পথাৰত মুখ্যমন্ত্ৰীয়ে আন এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত অখিল গগৈৰ নাম নোলোৱাকৈ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, চিলিণ্ডাৰে যদি মাটিৰ পট্টা দিয়ে বেলেগ কথা, অসমত কিন্তু মাটিৰ পট্টা আমি দিম। অসমৰ ২২ লাখ মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল। অহা নৱেম্বৰৰ পৰা অসমৰ ২২ লাখ মহিলাক ঋণৰ বোজাৰ পৰা মুক্ত কৰাৰ কাম আৰম্ভ কৰিম।
Published by:Sanjay Kumar Das
First published: