আজি পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শক্তিপীঠত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় মুখ্যমন্ত্ৰীয়ে। অম্বুবাচী মেলা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত হৈ গৈছে।
বান পৰিস্থিতিৰ মাজতো যথেষ্ট সংখ্যক ভক্ত আহে এইবাৰ। সকলোৰ সহযোগিতাৰ বাবে ধন্যবাদ।
ইফালে, উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সকলো পৰীক্ষাৰ্থীকে অভিনন্দন।
তেওঁলোকে ভৱিষ্যত গঢ় দিয়াত সদায় যত্নপৰ হৈ থাকক। সদায় চৰকাৰী বিদ্যালয়তকৈ বে চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ'বই। কাৰণ তেওঁলোকৰ শিক্ষাৰ্থী কম। ব্যক্তিগত বিদ্যালয়ৰ লগত আমাৰ তুলনা কৰি লাভ নাই। তেওঁলোকৰ এটা নিজস্ব ধাৰা আছে। দিল্লী, মু্ম্বাই সকলোতে ব্যক্তিগত বিদ্যালয়ৰ ফলাফল ভাল হয়। কিন্তু আমি সংখ্যাটো চাওঁ।’’
বানপীড়িতক লৈ মুখ্যমন্ত্ৰীয়ে ক’লে, বানত ক্ষতিগ্ৰস্ত লোকক সহায় কৰা হ'ব। ঘৰ মেৰামতি যাতে কৰিব পাৰে তাৰ বাবে আমি কাম হাতত লৈছোঁ।
ইফালে, হোটেল ৰেডিছন ব্লুত মহাৰাষ্ট্ৰৰ ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰ ক’লে, ‘‘মই ইমান খবৰ ৰখা নাই।
মই বানত ক্ষতিগ্ৰস্ত লোকৰ লগত ব্যস্ত। এইবোৰ কৰিবলৈ মোৰ সময় নাই, কাৰোবাৰ সময় আছে গৈ আছে। স্বাধীন দেশ কোনোবা গ'লে মইটো বাধা দিব নোৱাৰো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|