মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam News: অংগনবাড়ী কৰ্মী আৰু সহায়িকাক অৱসৰকালীন সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ; অংগনবাড়ী কৰ্মীয়ে লাভ কৰিব ৪ লাখ টকাকৈ এককালীন সাহায্য

Assam News: অংগনবাড়ী কৰ্মী আৰু সহায়িকাক অৱসৰকালীন সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ; অংগনবাড়ী কৰ্মীয়ে লাভ কৰিব ৪ লাখ টকাকৈ এককালীন সাহায্য

মুঠ ৭৯৩ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই লাভ কৰিব অৱসৰকালীন সাহায্য

মুঠ ৭৯৩ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই লাভ কৰিব অৱসৰকালীন সাহায্য

মুঠ ৭৯৩ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই লাভ কৰিব অৱসৰকালীন সাহায্য

  • Share this:
অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা কলাক্ষেত্ৰত বিশেষ অনুষ্ঠান আয়োজিত হৈছে। এই অনুষ্ঠানত অংগনবাড়ী কৰ্মী আৰু সহায়িকালৈ অৱসৰকালীন সাহায্য প্ৰদান কৰা হ’ব। গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী নন্দিতা গাৰ্লোচাও উপস্থিত থাকে। বুধবাৰে অনুষ্ঠিত এই অনুষ্ঠানত মুঠ ৭৯৩ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক অৱসৰকালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কয় যে, এনেকুৱা আঁচনি সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰত প্ৰথম। লগতে কয় যে, মুখ্যমন্ত্ৰী শৰ্মাৰ সবল নেতৃত্বত এই আঁচনি গ্ৰহণ কৰা সম্ভৱ হৈছে। পূৰ্বে কোনোধৰণৰ সাহাৰ্য প্ৰদানৰ ব্যৱস্থা নাছিল। মন কৰিবলগীয়া যে, ৬০ বছৰত অৱসৰ লোৱা অংগনবাড়ী কৰ্মীক ৪ লাখ টকা, ক্ষুদ্ৰ কেন্দ্ৰৰ কৰ্মীক ৩ লাখ টকা আৰু সহায়িকাক ২ লাখকৈ টকা এককালীন সাহাৰ্য প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, বেংক একাউন্টৰ জৰিয়তে আজিৰ ভিতৰতে সকলোৱে সাহায্য লাভ কৰিব। এই আঁচনিৰ বাবে ২৬ কোটি ৭৪ লাখ টকা ধাৰ্য্য কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে এই সাহায্যৰ বাবে চেক প্ৰদান কৰি কয় যে, ‘‘২০২২ চনৰ ১ এপ্ৰিলৰ পৰা আঁচনি খন কাৰ্যকৰী কৰা হৈছে। সমগ্ৰ দেশৰ ভিতৰত অসমতেই প্ৰথম এই আঁচনিখন ৰূপায়ন কৰা হৈছে। এই আঁচনিখনৰ জৰিয়তে ৭৯৩ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক এককালীন সাহায্য প্ৰদান কৰা হৈছে। পৰৰ্ৱতী সময়ত অংগনবাড়ী কৰ্মীক অটল পেঞ্চন আঁচনিত অন্তভুৰ্ক্ত কৰিবলৈ চেষ্টা কৰা হ'ব। যিসকল ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালে ৫০ শতাংশ সাহায্য লাভ কৰিব। এইবাৰ আমি ৪ হাজাৰ নতুনকৈ অংগনবাড়ী কেন্দ্ৰ বনাম।’’ ইয়াৰ লগতে পৰৱৰ্তী সময়ত পৰ্যায় ক্ৰমে সকলোকে এই আঁচনিৰ অন্তভুৰ্ক্ত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

শেহতীয়া বাতৰি