প্রধানমন্ত্রীয়ে একোজন মন্ত্রীক ৭জনকৈ শাসক-বিৰোধী বিধয়কৰে নিয়মীয়াকৈ মিলিত হ’বলৈ পৰামৰ্শ দিছে ।
প্রধানমন্ত্রীয়ে একোজন মন্ত্রীক ৭জনকৈ শাসক-বিৰোধী বিধয়কৰে নিয়মীয়াকৈ মিলিত হ’বলৈ পৰামৰ্শ দিছে ।
মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ নতুন দিল্লীত উপস্থিত হোৱা হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, কেন্দ্ৰীয় গৃহ সচিব তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ পৰা বিত্তমন্ত্ৰীলৈকে সাক্ষাৎ কৰি বহু গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আৰু বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি ইয়াৰ কিছু আভাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰাজ্য পৰিচালনাত সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী শৰ্মাক বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই বুলি সংবাদমেল যোগে জনায়। হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'প্রধানমন্ত্রীয়ে একোজন মন্ত্রীক ৭জনকৈ শাসক-বিৰোধী বিধয়কৰে নিয়মীয়াকৈ মিলিত হ’বলৈ পৰামৰ্শ দিছে । মন্ত্ৰীসকলে চৰকাৰৰ Negative Feedback বিধায়কসকলৰ পৰা গ্ৰহণ কৰিব। আৰু কেবিনেট বৈঠকত মুখ্য সচিব উপস্থিত হোৱাৰ পূৰ্বে সেই সমূহৰ সন্দৰ্ভত Zero Hour শিতানত আলোচনা কৰা হ’ব। লগতে প্রধানমন্ত্রীয়ে মুখ্যমন্ত্ৰীক সপ্তাহত দুদিন জিলা সমূহলৈ গৈ নিশা কটাবলৈ পৰামৰ্শ দিছে।'
অনুষ্ঠিত হ'বনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা?
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'শিক্ষা সংসদে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পতা/নপতাৰ সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত ল’ব । CBSEয়ে বিকল্প মূল্যায়নৰ Guidelines জাৰি কৰাৰ পিছত সেইখন অধ্যয়ন কৰি অসম চৰকাৰে সিদ্ধান্ত ল’ব।' উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে পৰীক্ষাৰ প্ৰয়োজন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।'
চিকিৎসকক প্ৰহাৰৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী
হোজাইত সংঘটিত হোৱা চিকিৎসকক প্ৰহাৰৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, 'চিকিৎসকক প্ৰহাৰ কৰা ঘটনা সহ্য কৰা নহয়। চিকিৎসকক আক্ৰমণ মানে নিজকে আক্ৰমণ। পৰৱৰ্তী সময়ত যিমান ক্ৰিয়া হ’ব আমাৰ প্ৰতিক্ৰিয়া বেছি হ’ব।'
অসম নাগালেণ্ড সীমা সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীঃ
শেহতীয়াকৈ অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বিধা.ক ৰূপজ্যোতি কুৰ্মীলৈ গুলী বৰ্ষণ কৰিছে নগা দুৰ্বৃত্তই। অসম নাগালেণ্ড সীমা সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, 'অসম-নাগালেণ্ড সীমা বিবাদ উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন। শুনানি সমাপ্ত হৈছে। শীঘ্ৰে ৰায় দিয়াৰ সম্ভাৱনা।
ইফালে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহ সচিব তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক সাক্ষাৎ কৰি কাৰ্বি আংলঙৰ শান্তি চুক্তি সন্দৰ্ভত আলোচনাত মিলিত হৈ চুক্তিৰ দফা সমূহ চুড়ান্ত কৰিছে বুলিও জানিবলৈ দিয়ে। অতি শীঘ্ৰে এই চুক্তি স্বাক্ষৰিত হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|