বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন। আৰক্ষী অধীক্ষকৰ সৈতে হোৱা বৈঠক সম্পন্ন হোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনাইছে যে, অসম আৰক্ষীৰ শীঘ্ৰে ২০০০ উপ পৰিদৰ্শক নিযুক্তি দিয়া হ'ব।
কেৱল ইমানেই নহয়, ইতিমধ্যে টুইটাৰযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে, শীঘ্ৰে ৩৫ হাজাৰ নিযুক্তি দিয়া হ'ব অসম আৰক্ষীত। ইয়াৰে ২৩ হাজাৰ আৰক্ষী আৰু ১২ হাজাৰ কামাণ্ডো। সেইদৰে সম্পূৰ্ণ সলনি হ'ব অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া। দক্ষ যুৱক-যুৱতীয়ে যাতে চাকৰি লাভ কৰে সেই দিশত গুৰুত্ব দিয়া হ'ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীৰ আন কেতবোৰ ঘোষণাঃ
- ৬মাহৰ অন্তত দুলীয়াজানত দ্বিতীয়খন আৰক্ষী অধীক্ষকৰ সন্মিলন হ’ব।
- উপায়ুক্ত সকলৰ লগত ১৫ ৰ পৰা ২৩ আগষ্টৰ ভিতৰত ডিফুত প্ৰথমখন বৈঠক হ’ব ৷
- নতুনকৈ গঠন হ’ব লগীয়া দহটা কামাণ্ডো বেটেলিয়ান মূলতে সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰিব।
- অহা ছমাহত সাতটা FSL লেৱ স্থাপন কৰা হ'ব।
- বেটেলিয়ানৰ জোৱান সকলক বাধ্যতামূলক ছুটি দিয়া হব ৷ লগতে বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব।
- অসমক ড্ৰাগছৰ ট্ৰেনজিত ৰোধ কৰিবলৈ ব্যৱস্থা কৰা হ'ব ৷
- পশ্চিম বংগৰ পৰা অনা গৰু অসমত সোমাবো নোৱাৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|