CM Himanta Biswa Sarma Press Meet: কোভিডে স্বামীহাৰা কৰা মহিলাক দিয়া হ'ব ২ লাখ ৫০ হাজাৰ টকাৰ সাহায্য

News18 Assam | News18-Assam
Updated:June 10, 2021, 1:37 PM IST
CM Himanta Biswa Sarma Press Meet: কোভিডে স্বামীহাৰা কৰা মহিলাক দিয়া হ'ব ২ লাখ ৫০ হাজাৰ টকাৰ সাহায্য
আমি দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিলোঁ৷ মই সন্তুষ্ট নহয় ৷ আৰু কৰিব লাগিব ৷ ৮ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে এমাহতঃ মুখ্যমন্ত্ৰী

আমি দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিলোঁ৷ মই সন্তুষ্ট নহয় ৷ আৰু কৰিব লাগিব ৷ ৮ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে এমাহতঃ মুখ্যমন্ত্ৰী

  • Share this:
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি সম্পূৰ্ণ কৰিলে এমাহ। প্ৰথমটো মাহত ৰাজ্য চৰকাৰ কোন কোন দিশত সফল হৈছে? বৃহস্পতিবাৰে সংবাদমেল  সম্বোধন কৰি এই সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে কোৰোণাৰ ফলত ঘাতমাউৰা হোৱা শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মুক্যমন্ত্ৰী শিশু সেৱা আঁচনি। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'ঘাতমাউৰা শিশুৰ পৰা আমি আবেদন পাইছো আৰু তেওঁলোক আত্মীয়ৰ সৈতে আছে ৷ সেয়ে আৱাসিক বিদ্যালয়ত পঢ়োৱাৰ কথা অহা নাই ৷ আজি এঘাৰগৰাকী শিশুক ৭, ৮১,২০০ টকা ফিক্স ডিপজিট কৰি দিয়া হৈ আছে ৷ মাহে ৩৫০০ টকাকৈ পাই থাকিব ৷ এই মাহৰ বাবে ৩৫০০ টকাৰ চেক আমি দিছো ৷ ২৪ বছৰলৈ পাই থাকিব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হৈছে এই ধনৰাশি।' সেইদৰে কোৰোণাৰ ফলত স্বামীহাৰাল হোৱা মহিলাকো ৰাজ্য চৰকাৰে ২ লাখ ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়াব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে বিগত ৩০ দিনত চৰকাৰৰ সফলতা, বিফলতাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,  '৩০ দিন আমাৰ চৰকাৰৰ হ'ল ৷ চৰকাৰৰ সফলতা বা বিফলতা ৩০ টা দিনেই সঠিক নহয় ৷ তথাপি আমি কেতবোৰ কাম হাতত লৈছো ৷ ম্যানমাৰৰ সীমান্তৰ পৰা ড্ৰাগছৰ সৰবৰাহ হৈ আহিছিল বিগত সময়ত ৷ নিৰ্বাচনী প্ৰচাৰত যাওতে মোক বহু অভিভাৱকে বহু অভিযোগ দিছিল ড্ৰাগছৰ বিষয়ত ৷ আমি দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিলোঁ৷ মই সন্তুষ্ট নহয় ৷ আৰু কৰিব লাগিব ৷ ৮ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে এমাহত ৷ গুৱাহাটীৰ যোৰাবাটৰ পৰা যোৱা ৰাতি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। ড্ৰাগছ আসক্তক ৰিহেব চেণ্টাৰত ৰখোৱা হ'ব।'

কোৰোণাৰ লকডাউনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীঃ

'অসমে সম্পূৰ্ণ লক ডাউন নিদিয়াকৈ কোভিডৰ দ্বিতীয় ৱেভ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিলৈ চেষ্টা কৰিছো ৷ মানুহৰ জীৱন আৰু জীৱিকা বজাই ৰাখিবলৈচেষ্টা কৰিছো। শিলচৰ টাউনৰ প্ৰায় সকলোয়ে পাইছে প্ৰথম ডোজ ভেকছিন ৷ নগাঁও টাউনতো ভেকছিন দিয়া হৈছে।  দিল্লীৰ পৰা ইংগিত পাইছো যে, পহিলা জুলাইৰ পৰা অসমক দিল্লীয়ে ৩:৫০ লাখকৈ ভেকছিন দিব ৷ সেই হিচাপত পোন্ধৰ আগষ্টৰ ভিতৰত অসমৰ সকলোৱে প্ৰথম টোপাল ভেকছিন দিয়া প্ৰক্ৰিয়া সম্পন্ন হ'ব ৷ অসমে সকলো সাতভনী ৰাজ্যকে কোভিডৰ সময়ত সহায় কৰিছো ৷ অক্সিজেন দিছো।'- এনেদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে
Published by: Himangshu Bhuyan
First published: June 10, 2021, 1:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি