• Home
  • »
  • News
  • »
  • assam
  • »
  • মৌলবাদীৰ হট বেল্টত অসম, মছজিদৰ ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকৰ ওপৰত কঠোৰ নজৰ

মৌলবাদীৰ হট বেল্টত অসম, মছজিদৰ ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকৰ ওপৰত কঠোৰ নজৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি কিছুদিনৰ পৰা বৰপেটা আৰু মৰিগাঁও জিলাত জেহাদী, মৌলবাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আছে৷ আমাৰ তথ্যৰ ভিত্তিত বেলেগ ৰাজ্যই জেহাদীৰ গোট উৎখাত কৰিবলৈ সক্ষম হৈছে৷’’

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি কিছুদিনৰ পৰা বৰপেটা আৰু মৰিগাঁও জিলাত জেহাদী, মৌলবাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আছে৷ আমাৰ তথ্যৰ ভিত্তিত বেলেগ ৰাজ্যই জেহাদীৰ গোট উৎখাত কৰিবলৈ সক্ষম হৈছে৷’’

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি কিছুদিনৰ পৰা বৰপেটা আৰু মৰিগাঁও জিলাত জেহাদী, মৌলবাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আছে৷ আমাৰ তথ্যৰ ভিত্তিত বেলেগ ৰাজ্যই জেহাদীৰ গোট উৎখাত কৰিবলৈ সক্ষম হৈছে৷’’

  • Share this:
জেহাদী প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি কিছুদিনৰ পৰা বৰপেটা আৰু মৰিগাঁও জিলাত জেহাদী, মৌলবাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আছে৷ আমাৰ তথ্যৰ ভিত্তিত বেলেগ ৰাজ্যই জেহাদীৰ গোট উৎখাত কৰিবলৈ সক্ষম হৈছে৷’’

১৯৯৯ত জেহাদীৰ ঘাটি উৎখাত কৰা হৈছিল অসমত৷ হৰকট–উল–মুজাহিদীনক উৎখাত কৰা হৈছিল। ২০০৩-০৪ত হৰকট–উল–ইছলামী, ২০১১ত জামাতুল মুজাহিদীন বাংলাদেশ, ২০১৮-২২ আনছাৰ উল্লাহ বাংলা টীম–AQIS উৎখাত কৰা হৈছে অসমত৷ এমাহত পাঁচটা গোট আনছাৰ উল্লাহ বাংলা টীম উৎখাত কৰিছে অসম আৰক্ষীয়ে৷ বৰপেটাত বিগত চাৰি মাৰ্চত আনছাৰ উল্লাহ বাংলা টীমৰ এটা গোটক উৎখাত কৰা হৈছিল৷ মহম্মদ ছুমনক গ্ৰেপ্তাৰ কৰা হৈছিল ছয়জনী দলটোৰ সৈতে৷ আটাইকেইজনে বাংলাদেশী। এতিয়া NIAয়ে গোচৰটো লৈছে৷ বিগত ১৪ এপ্ৰিলত দ্বিতীয়টো গোটক উৎখাত কৰে ছয়জন লোকৰ সৈতে৷ বঙাইগাঁৱত বিগত ১৫ এপ্ৰিলত তৃতীয়টো গোট উৎখাত কৰা হয়৷ চাৰিজনক গ্ৰেপ্তাৰ কৰা হয়৷ ২৭ জুলাইত বৰপেটাত আন এটা গোটক উৎখাত কৰে, ৯জনক গ্ৰেপ্তাৰ কৰে৷ সংবাদমেলত এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।

মৰিগাঁৱৰ গোটটো অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ABT গোটটো AQISৰ সৈতে জড়িত৷ আমি মৌলবাদী বা জেহাদীৰ ঘাটিৰ সন্দৰ্ভত তথ্য পাইছো, মুছলমানৰ পৰাই আহিছে৷ সকলো মুছলমান সমান নহয়৷ মছজিদত স্থানীয় ইমাম নহ'লে বাকী ইমামক শুশ্ৰুষা নকৰিব৷ বাহিৰৰ ইমাম আহিলে স্থানীয় আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায় ড০ শৰ্মাই৷

মাদ্ৰাছাত কি পঢ়াই থকা হৈছে সেয়া স্থানীয় ৰাইজক খবৰ ৰাখিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। সাধাৰণ মুছলমান ৰাইজক মুখ্যমন্ত্ৰীৰ আহ্বান, বাহিৰৰ মানুহ আপোনালোকৰ অঞ্চললৈ আহিলেই খবৰ দিয়ক স্থানীয় আৰক্ষীক৷

‘‘কোভিডৰ সময়ত ABTয়ে জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি কৰিছিল৷ যি সময়ত আমি কোভিড প্ৰতিহত কৰাত ব্যস্ত আছিলো। অসম মৌলবাদীৰ হট বেল্টলৈ পৰ্যবসিত হৈছে। জেহাদীয়ে বৃহৎ সংখ্যক লোকক একত্ৰিত কৰি বিদ্ৰোহ ৰাষ্ট্ৰৰ বিৰুদ্ধে কৰিবলৈ চেষ্টা কৰে৷ বাকী উগ্ৰপন্থীয়ে কোনোবা ১৫ আগষ্টত বোমা ফুটাই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে৷’’ – ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

শান্তিপ্ৰিয় মুছলমান ৰাইজক এই মৌলবাদী শক্তিক উৎখাত কৰিবলৈ সহায় কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, এতিয়াৰ পৰা আমি মছজিদৰ ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকৰ ওপৰত কঠোৰ নজৰ ৰাখিম৷ অসমত কমি মাদ্ৰাছা ৮০০, হাফিজী মাদ্ৰাছা ৫০০ আৰু বানাত মাদ্ৰাছা আছে ২০০।
Published by:Sanjay Kumar Das
First published: