দুদিনীয়া কাৰ্যসূচীৰে গোসাঁইগাঁও বিধানসভা সমষ্টিলৈ অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাতিপুৱা প্ৰায় দহ বজাত আহি উপস্থিত হয় মৰনৈ চাহ বাগিচাৰ মৰনৈ চাওতালী চাৰ্চত। ১৯২৬ চনত ব্ৰিটিছে স্থাপন কৰা এইখন মৰনৈ চাহ বাগিচাৰ এটা পুৰণি গীৰ্জা। গীৰ্জাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা হয়।
যাজক ইছাইল মুৰ্মুৰ পৌৰোহিত্যত শতাধিক খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। উক্ত প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়েও। প্ৰাৰ্থনাৰ অন্ততঃ যাজক ইছাইল মুৰ্মুৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালক একোখনকৈ বাইবেল উপহাৰ হিচাপে প্ৰদান কৰে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচী লৈ গোসাঁইগাঁও বিধানসভা সমষ্টিত আহি উপস্থিত হৈছিল সোমবাৰে। সোমবাৰে কেইবাটাও কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। গোসাঁইগাঁৱত আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাক্ৰা আৰু প্ৰয়াত সভাপতি বস্কো চাৰমাকোৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীয়ে। তাৰ পিছত শ্ৰীৰামপুৰৰ চাওতাল কলোনীৰ ধানানি পথাৰত কাতি বিহুৰ বন্তি প্ৰজ্বলন কৰে।
সন্ধিয়া সাত বজাত আহি উপস্থিত হৈছিল ব্ৰিটিছে ১৮৮৯ চনত স্থাপন কৰা মৰনৈ চাহ বাগিচাৰ পৰিদৰ্শন বাংলোত। বাংলোত ৰাতি বিটিআৰৰ সকলো দল–সংগঠনৰ নেতৃবৰ্গৰে মত বিনিময় কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|