• Home
  • »
  • News
  • »
  • assam
  • »
  • আছিল কেৱল মাজুলী, কিন্তু চাৰে চাৰি বছৰত বহু উপ-নিৰ্বাচন হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে, খং উঠিল ভূপেন বৰাৰ!

আছিল কেৱল মাজুলী, কিন্তু চাৰে চাৰি বছৰত বহু উপ-নিৰ্বাচন হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে, খং উঠিল ভূপেন বৰাৰ!

দুজনমানক লৈ গ'লেই বিৰোধী শেষ হৈ নাযায়ঃ ভূপেন বৰা

দুজনমানক লৈ গ'লেই বিৰোধী শেষ হৈ নাযায়ঃ ভূপেন বৰা

দুজনমানক লৈ গ'লেই বিৰোধী শেষ হৈ নাযায়ঃ ভূপেন বৰা

  • Share this:

পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰ দল UPPLৰ সৈতে আটাইকেইখন আসনতেই শাসকীয় BJPয়ে দখল কৰাৰ পিছত চৰ্চাত আছে দ্বিতীয়লানি উপ-নিৰ্বাচন ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হৈ যোৱা উপ-নিৰ্বাচন (Bye Elections)ৰ পিছত পোন্ধৰজনতকৈ বেছি বিৰোধী বিধায়কে BJPৰ সৈতে যোগাযোগ কৰি আছে বুলি সদৰী কৰিছিল ৷


ইয়াৰ পিছত বুধবাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে উপ-নিৰ্বাচনৰ কথা ৷ মাজুলীৰ বিধায়ক পদটো কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত সৰ্বানন্দ সোণোৱালে এৰাৰ পিছত খালী হৈ আছে মাজুলী(Majuli)ৰ আসনখন ৷ এতিয়া কথা হ'ল- মাজুলীৰ লগতে আন সমষ্টিটো হ'ব নেকি উপ-নিৰ্বাচন?


এই প্ৰশ্নৰ উত্তৰ দি বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে ক'লে- “বহুতেই উপ-নিৰ্বাচনৰ বাবে আবেদন কৰিছে। আগন্তুক চাৰে চাৰি বছৰত বহু উপ নিৰ্বাচন হ'ব ৷ কিন্তু মই এতিয়াই উপ-নিৰ্বাচন বিচৰা নাই ৷ কাৰণ উপ নিৰ্বাচন হ'লে এমাহমান সময় এনেই গুচি যাব ৷”


মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC President Bhupen Bora)ই উভতি ধৰিলে মুখ্যমন্ত্ৰীক ৷ ভূপেন বৰাই ক'লে- “হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ কামোৰণি একমাত্ৰ কংগ্ৰেছ ৷ কোনো সমস্যাক তেওঁ গুৰুত্ব দিয়া নাই ৷ তেওঁৰ মূল টাৰ্গেট হ'ল বিৰোধীক নিঃশেষ কৰাৰ ৷”


এনেদৰে মুখ্যমন্ত্ৰী ড° শৰ্মা (CM Himanta Biswa Sarma)ক সমালোচনা কৰি ভূপেন বৰাই ক'লে- “পৰিৱৰ্তনৰ সিদ্ধান্ত সদায় ৰাইজে লয় ৷ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ হৈ কামবোৰ কৰক এতিয়া ৷ কামবোৰ কৰিলে তেওঁ এনেও বহুদিনলৈ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব ৷  কিন্তু তেওঁ যদি দল ভাঙি জীয়াই থাকিম বুলি ভাবিছে, সেয়া হ'ব দুঃস্বপ্ন৷”


ইপিনৰ নাগৰিকত্ব সংশোধনী আইন (citizenship amendment Act) বিৰোধী আন্দোলনৰ বাবে প্ৰয়োজনত বিধায়ক পদ এৰিবলৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভতো মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ দাবী- “বিধায়ক পদ এৰিলে উপ নিৰ্বাচনত আমি জয়ী হ'ম ৷ কেতিয়া এৰে, ক'লেই হ'ল ৷ আমি সাজু ৷”


Assam News Today | News in Assamese | Latest News in Assamese
Published by:Gautam Barman
First published: