প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰাৰ সমাধিত মুখ্যমন্ত্ৰীৰ সেৱা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই প্ৰয়াত বৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণো কৰে। পৰিয়ালৰ সৈতে কথা-বতৰা পাতি শোক সন্তপ্ত পৰিয়ালটোক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ আশ্বাস দিয়ে। (CM Himanta Biswa SarmaSraddhanjali to Indreswar Borah)
ধেমাজিত কেবিনেট বৈঠকৰ আগমুহূৰ্তত আজি লখিমপুৰত প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা (Late Indreswa Borah)ৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)। প্ৰয়াত বৰাৰ ঘৰত উপস্থিত হৈ ইন্দ্ৰেশ্বৰ বৰাৰ সমাধিত আঁঠু লৈ সেৱা জনাই শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আজি সন্ধিয়া প্ৰয়াত বৰাৰ ঘৰত উপস্থিত হৈ প্ৰয়াত বৰাৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য যে ৮ ছেপ্টেম্বৰৰ নিমাতী ঘাটৰ শিহৰণকাৰী নাও দুৰ্ঘটনাত (Nimatighat Boat Tragedy) নিহত হৈছিল লক্ষীমপুৰ (Lakhimpur)ৰ নাওবৈচাৰ ৰামপুৰৰ মাধৱপুৰৰ ইন্দ্ৰেশ্বৰ বৰাই। এই শোকাৱহ দুৰ্ঘটনাত প্ৰবক্তা পৰিমিতা দাস আৰু ডাক্টৰ বিক্ৰমজিত বৰুৱাৰো মৃত্যু হৈছিল। নাো ডুবাৰ সময়ত নিজৰ পত্নীক ৰজ্ঞা কৰাৰ পিছত আন কেইবাজনৰো প্ৰাণ ৰক্ষা কৰাৰ পিচত নিজেই কৰুণ মৃত্যুক আঁকোৱালি লৈছিল ইন্দ্ৰেশ্বৰ বৰাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই প্ৰয়াত বৰাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণো কৰে। পৰিয়ালৰ সৈতে কথা-বতৰা পাতি শোক সন্তপ্ত পৰিয়ালটোক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰয়াত বৰাৰ দুই কণমানি সন্তানক সাৱটি লৈও সমবেদনা জ্ঞাপন কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|