• Home
  • »
  • News
  • »
  • assam
  • »
  • 'লতা মংগেশকাৰৰ মৃত্যু এক অপূৰণীয় ক্ষতি'- গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

'লতা মংগেশকাৰৰ মৃত্যু এক অপূৰণীয় ক্ষতি'- গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে 'কুইন অব মেলডী' লতা মংগেশকাৰে। বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ দেশবাসী।

দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে 'কুইন অব মেলডী' লতা মংগেশকাৰে। বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ দেশবাসী।

দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে 'কুইন অব মেলডী' লতা মংগেশকাৰে। বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ দেশবাসী।

  • Share this:
দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে 'কুইন অব মেলডী' লতা মংগেশকাৰে। বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ দেশবাসী। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো গভীৰ শোক প্ৰকাশ কৰিছে লতা মংগেশকাৰৰ মৃত্যুত।

শনিবাৰে দলীয় কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লতা মংগেশকাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে, 'লতা মংগেশকাৰৰ মৃত্যু দেশৰ বাবেই অপূৰণীয় ক্ষতি। সৰুৰে পৰা যাৰ গীত শুনি ডাঙৰ হৈছিলো, তেনেএগৰাকী সুৰৰ সম্ৰাজ্ঞী আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ বাবে শোকৰ বাতৰি। তেখেতে সুদীৰ্ঘ জীৱনত ২৫ হাজাৰ গীত বাণীবদ্ধ কৰিছিল। সুন্দৰ অসমীয়া গীতো গাইছিল। আজিৰ এই দিনটোত অসমবাসী ৰাইজৰ হৈ তেখেতৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাইছো। পৰম পিতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তেখেতৰ পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছো।'

উল্লেখ্য যে, প্ৰায় এমাহ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পুৱা ৮.১২ বজাত মুম্বাইত দেহাৱসান ঘটে লতা মংগেশকাৰৰ। কিংবদন্তি সংগীত শিল্পী লতা মংগেশকাৰৰ মহাপ্ৰয়াণত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে এই দাবী কৰিছে সংবাদসংস্থা ANI-এ। সুৰ সম্ৰাজ্ঞীক শ্ৰদ্ধা জনাই আগন্তুক দুটা দিন অৰ্ধনমিত হৈ থাকিব জাতীয় পতাকা। লগতে ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হ'ব শেষকৃত্য।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি