শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰত মঙলবাৰে গৰিব কল্যাণ সন্মিলন (Garib Kalyan Sammelan) অনুষ্ঠিত কৰা হয়। সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমৰ বাবে ৫ লাখ আবাস আবণ্টিত হোৱা বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে আজি এই আঁচনিৰ প্ৰথম কিস্তিৰ ৩২,৫০০ টকা আৰু অনুমোদন পত্ৰ প্ৰতীকীভাবে ১০ হিতাধিকাৰীক প্ৰদান কৰে। এই আঁচনিৰ অধীনত শিৱসাগৰৰ জিলাৰ ৯৪২৪ গৰাকী আৰু চৰাইদেও জিলাৰ ৪৫৯৮জন হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভ কৰিছে৷
প্ৰথম কিস্তিত লাভ কৰা ৩২,৫০০ টকাৰে কাকো ধাৰ নামাৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই (CM Himanta Biswa Sarma) হিতাধিকাৰীসকলক নিজৰ ভাষণত অনুৰোধ জনায়৷ কোনো দালালক এটকাও নিদিবলৈ অনুৰোধ কৰি মুখ্যমন্ত্ৰীয়ে কোনো দালালে আমাৰ চৰকাৰৰ দিনত আঁচনি দিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।
এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে (Prime Minister Narendra Modi) চিমলাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীৰ লগত মত বিনিময় কৰে। উল্লেখ্যে যে এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে আজি কৃষক সন্মান নিধিৰ ১১ নং কিস্তি মুকলি কৰি দিয়ে। সমগ্ৰ দেশৰ ১০ কোটি কৃষকক এই আঁচনিৰ ২১০০০ কোটি টকা মুকলি কৰি দিয়া হৈছে। এই আঁচনিৰ অধীনত আজি ৰাজ্যৰ ৭ লাখ কৃষকে কৃষক সন্মান নিধিৰ (Pradhan Mantri Kisan Samman Nidhi) ২০০০ টকাৰ অনুদান লাভ কৰিছে।
সন্মিলনত কেবিনেট মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউৎ, শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহাল , চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা আদিৰ লগতে চৰকাৰী জনকল্যাণ আঁচনিৰ পৰা উপকৃত হোৱা বৃহৎ সংখ্যক হিতাধিকাৰী উপস্থিত থাকে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|