'আলফালৈ নোযোৱাকৈ অসমতে থাকি অসম মাতৃৰ সেৱা কৰিব পৰাৰ যথেষ্ট থল আছে। অসমৰ জনতাই এতিয়া শান্তি বিচাৰে। সেয়েহে আলফাৰ প্ৰতি আহ্বান আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে সহযোগিতা আগবঢ়াওক।'- এনেদৰে দেওবাৰে সোণাৰিত সংবাদমাধ্যমৰ আগত বক্তব্য আগবঢ়াই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
সোণাৰিৰ ৰজাপুখুৰীস্থিত নিৰ্মীয়মান চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল'বলৈ সোণাৰিত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য বৰ্তমান পঁচিশ শতাংশ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে। লগতে ইতিবাচক দিশত আগবঢ়া নিৰ্মাণ কাৰ্যক প্ৰকৃতিয়ে বাধা নিদিলে ২০২৪ বৰ্ষত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলিও তেওঁ উল্লেখ কৰে।
লগতে মুখ্যমন্ত্ৰীগৰাকীক কোৰোণা ভাইৰাছৰ সন্দৰ্ভত কয় যে, বিগত দুটা বছৰত ক'ভিডৰ বাবে ৰাজ্যখনৰ জনসাধাৰণৰ ব্যাপক ক্ষতি হ'ল। এতিয়া ক'ভিডক লৈ নানা দুঃচিন্তা, উদ্বিগ্নতা প্ৰকাশ কৰাৰ কোনো প্ৰয়োজন নাই। ৰাজ্যখনক উৎপাদন মুখী প্ৰক্ৰিয়াত আগবঢ়াই নিবলৈ সকলোৱে চিন্তা চৰ্চা কৰাৰহে প্ৰয়োজন বুলি তেওঁ বক্তব্য আগবঢ়ায়।
ইফালে বিগত দিনবোৰত আলফালৈ কিছু সংখ্যক নতুন সদস্য যোৱা সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীৰ মতামত বিচৰাত তেওঁ কয় যে , এক অনিশ্চিত ভৱিষ্যতৰ দিশে গুচি যোৱা যুৱকসকলৰ ঘৰৰ বৰ্তমানৰ অৱস্থা দুখজনক। আলফালৈ তেওঁৰ আহ্বান আলাপ আলোচনাৰ মাধ্যমেৰে এই ব'হাগতে সমস্যা সমাধানৰ বাবে আলফাই সহযোগিতা আগবঢ়াওক।
মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ ভ্ৰমণকালত সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, বিমল বড়া, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই আৰু নাহৰকটিয়াৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|