চৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা ভাল কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, মানুহখিনি ওলাই আহিলে মনবোৰ আধুনিক হ'ব৷ TET উত্তীৰ্ণ হোৱা মানেই চাকৰি পোৱা নুবুজাই৷ আজি বিধানসভাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অহা জুন মাহৰভিতৰত ১৬ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উপায়ুক্তৰ অনুমতি অবিহনে জিলা এৰি কোনো চৰকাৰী চাকৰিয়ালে যাব নোৱাৰে৷ দৰঙত চাকৰি কৰি সন্ধিয়া গুৱাহাটীলৈ আহিব নোৱাৰে৷ যদি কোনোবাই ভিডিঅ’ বনাই দিয়ে তেন্তে চৰকাৰে ব্যৱস্থা ল'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
সংখ্যালঘু প্রধান সমষ্টিত স্কুল–কলেজ বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘সংখ্যালঘু প্ৰধান সমষ্টিত কলেজ-স্কুল বঢ়াব লাগিব৷ ছাত্ৰীৰ পঢ়াত গুৰুত্ব দিব লাগিব৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ কালত আমি এই কামবোৰ কৰিব লাগিব৷’’
চৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা ভাল কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, মানুহখিনি ওলাই আহিলে মনবোৰ আধুনিক হ'ব৷ প্ৰতিটো সমষ্টিত মডেল স্কুল স্থাপন কৰিব বিচাৰিছো৷ আপোনালোকে তালিকা দিয়ক৷ ৰাইজে ভাল পাব৷ সকলো ফালৰ পৰা মডেল হ'ব এই মডেল স্কুল৷
Published by: Sanjay Kumar Das
First published: March 22, 2022, 12:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|