মুখ্যপৃষ্ঠা »খবৰ »অসম »'ঘটনাত আৰক্ষী দোষী সাব্যস্ত হ'লে কঠোৰ শাস্তি পাব'-কীৰ্তিকমল বৰা এনকাউণ্টৰ ঘটনাত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

'ঘটনাত আৰক্ষী দোষী সাব্যস্ত হ'লে কঠোৰ শাস্তি পাব'-কীৰ্তিকমল বৰা এনকাউণ্টৰ ঘটনাত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

শনিবাৰে নগাঁৱত সংঘটিত হোৱা এনকাউণ্টাৰ ঘটনাৰ সন্দৰ্ভত দেওবাৰে সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
শনিবাৰে নগাঁৱত সংঘটিত হোৱা এনকাউণ্টাৰ ঘটনাৰ সন্দৰ্ভত দেওবাৰে সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,  'নগাঁৱৰ ঘটনাৰ বাবে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক তদন্তৰ দায়িত্ব দিয়া হৈছে ৷ সাত দিনৰ ভিতৰত প্ৰতিবেদন দিব ৷ অসম আৰক্ষী সাধাৰণ ৰাইজৰ বন্ধু হ'ব লাগে ৷ যোৱা কালিৰ ঘটনাটো যদি অসম আৰক্ষী দোষী হয়, নিশ্চয় কঠোৰ শান্তি পাব। এই ঘটনাত ঘটনাস্থলীত থকা আৰক্ষীসকলক ৰিজাৰ্ভত থাকিবলৈ কোৱা হৈছে ৷ আইন মতে দোষী হ'লে শাস্তি পাব ৷'

ইফালে শেহতীয়াকৈ BPF দলে বিজেপিৰ সৈতে মিত্ৰতাত আবদ্ধ হব বুলি ওলাই থকা খবৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'BPFয়ে বিগত নিৰ্বাচনত কংগ্ৰেছ-AIUDFৰ সৈতে মিত্ৰজোঁটত আছিল ৷ বিধানসভাত পিছত নিৰপেক্ষ আছিল ৷ শাসকীয় দল বহল ভিত্তিত চলিব পাৰে তাৰ বাবে BPFক সদনত লগত ল'ব বিচাৰিছো ৷ ফ্লৰত চৰকাৰৰ লগত থাকিব।BPF বিধায়িনী দল হিচাপে সদনৰ ভিতৰত থাকিব ৷ শাসকীয় পক্ষত থাকিব। এই মিত্ৰতা ৰাজনৈতিক মিত্ৰতা নহয় ৷ সদনৰ ভিতৰত মিত্ৰতাত থাকিব ৷ শাসকীয় বেন্সত বহিব।'

শেহতীয়া বাতৰি