মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৪৫৩জন মাটিৰ দালালক আটক, তালিকাত নাম আছে ৭০০জনৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৪৫৩জন মাটিৰ দালালক আটক, তালিকাত নাম আছে ৭০০জনৰ

News18 Assam | News18-Assam
Updated:September 21, 2021, 11:45 AM IST
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৪৫৩জন মাটিৰ দালালক আটক, তালিকাত নাম আছে ৭০০জনৰ
File Photo

ৰাজ্যৰ কেইবাখনো জিলাত আকস্মিকভাৱে অভিযান চলাই আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে মুঠ ৪৫৩টা দালাল।

  • News18 Assam
  • Last Updated: September 21, 2021, 11:45 AM IST
  • Share this:
ৰাজ্যৰ কেইবাখনো জিলাত আকস্মিকভাৱে অভিযান চলাই আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে মুঠ ৪৫৩টা দালাল। এই দালালসকলৰ ভিতৰত আছে কেইবাজনো ৰাজনৈতিক নেতা তথা বহু ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ লোক।

উল্লেখ্য যে গুৱাহাটী, কামৰূপ, নগাঁও, ধুবুৰী, হোজাই, ডিব্ৰুগড়, বঙাইগাঁও, যোৰহাট, হাজো, চামগুৰি, ৰূপহীহাট, গৌৰীপুৰ আদিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মাজনিশা দালালৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে যোৱা নিশা ৪৫০জনৰো অধিক দালালক আটক কৰা হৈছে। প্ৰায় ৭০০ জনৰ নাম আছে তালিকাত৷ আজি আবেলিৰ ভিতৰত সকলোকে আটক কৰা হ'ব। দালালসকলক জনমানসত উলিয়াই আনিব লাগিব৷ জন্মৰ প্ৰমাণপত্ৰ, মৃত্যুৰ প্ৰমাণপত্ৰ উলিওৱাৰ নামতো দালালে পইচা লয় ৷ সকলো আঁতৰ কৰিব লাগিব ৷ অন্যথা অসম কেতিয়াও দেশৰ ভিতৰত উন্নত ৰাজ্য হ’ব নোৱাৰে।
Published by: Sanjay Kumar Das
First published: September 21, 2021, 11:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি