আজি বিধানসভাত অসম বাজেট ২০২৩–২৪ উত্থাপন কৰা হয়। বাজেটৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত নিজৰ মন্তব্য কৰাৰ পৰিৱৰ্তে শেহতীয়াকৈ ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ক পৰীক্ষাৰ প্ৰশ্নকাকত লিক (ফাদিল) হোৱা বিষয়ক নিজৰ মত প্ৰকাশ কৰে।
তেওঁ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰ–ছাত্ৰীসকলৰ সমাজ তথা ৰাইজ গভীৰ উদ্বিগ্নতাৰ মাজেৰে সময় পাৰ কৰিবলগা হোৱাৰ কথা কৈ মুখ্যমন্ত্ৰী হিচাপে অসমবাসী ৰাইজক মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত লিক হ’ব নালাগিছিল বুলি বিনম্ৰতাৰে উল্লেখ কৰে। তেওঁ এই লিক হোৱা ঘটনাৰ দায়িত্ব নিজে লোৱাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে, ‘‘এই লিক হোৱাটো ক’ৰবাত নহয় ক’ৰবাত আমাৰ ব্যৰ্থতাকো সূচায়। মুখ্যমন্ত্ৰী হিচাপে সেই ব্যৰ্থতাৰ দায়িত্ব মই স্বীকাৰ কৰিছোঁ।’’
মুখ্যমন্ত্ৰীয়ে ছেবাক ভৱিষ্যতে অধিক সক্ৰিয় কৰি আৰু যাতে পৰীক্ষাৰ প্ৰশ্নকাকত লিক হ’ব নোৱাৰে তাৰ প্ৰতি ব্যৱস্থা ল’বলৈ পৰামৰ্শ জনায়। লগতে ছাত্ৰ–ছাত্ৰীক নতুন উদ্যমেৰে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ আহ্বান জনায়। ইয়াৰোপৰি তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰে ল’ব বুলিও উল্লেখ কৰে।
উল্লেখনীয় যে, এই গোটেই ঘটনাটোৰ লগত অসমৰ এখন বিদ্যালয়ৰ এগৰাকী বিশেষ চেণ্টাৰ ইনচাৰ্জ আৰু তেওঁৰ সহযোগিতাত লগত তিনি–চাৰিজন শিক্ষক জড়িত হৈ থকাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত জনায়। এই সমগ্ৰ ঘটনা আৰক্ষীয়ে ট্ৰেক কৰিব পৰাৰ লগতে চেণ্টাৰ ইনচাৰ্জসহ শিক্ষক কেইজনক চিনাক্ত কৰিব পাৰিছে আৰু সাক্ষীসকলৰ উপযুক্ত প্ৰমাণ সংগ্ৰহ কৰাৰ কথাও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘোষণা কৰে।
আনহাতে, অসম আৰক্ষীয়ে নিৰ্দিষ্ট শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ লগতে সমগ্ৰ অসমক দোষীৰ নাম জনাবলৈ সক্ষম হ’ব আৰু আটাইকেইজন অভিযুক্তক কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানে সমগ্ৰ বিষয়টোৰ বিষয়ে সকলো তথ্য ৰাজহুৱা কৰিব বুলিও তেওঁ জনায়।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘মোৰ নীৰৱতাই অসম আৰক্ষীক কাম কৰাৰ সুবিধা দিয়ে। বিগত দুদিনৰ অপ্ৰাণ চেষ্টাৰ ফলত আৰক্ষীয়ে দোষীক চিনাক্ত কৰিব পাৰিছে। এজন দোষী কৰায়ত্ব হৈছে, আন তিনিজন দোষীক চেণ্টাৰ ইনচাৰ্জসহ অন্য দোষী শিক্ষক দুজনক সোনকালে গ্ৰেপ্তাৰ কৰাৰ দিশত আছোঁ। কোনো কাৰণত সাৰি যোৱাৰ বাট নাই।’’ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যিসকল লোক প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত হৈ আছে সকলোকে আত্মসমৰ্পন কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই ষড়যন্ত্ৰত আৰু কোনোবা যদি জড়িত আছে সেই বিষয়ে জনাবলৈকো সকীয়নি তথা আহ্বান জনাইছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 16, 2023, 14:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।