সাধাৰণ লোকৰ অসুবিধা হ'লে মই কষ্ট পাওঁ। সেয়ে অফিচাৰগৰাকীক ক'বলৈ বাধ্য হ'লোঁ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
সাধাৰণ লোকৰ অসুবিধা হ'লে মই কষ্ট পাওঁ। সেয়ে অফিচাৰগৰাকীক ক'বলৈ বাধ্য হ'লোঁ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পহিলা মাঘৰ দিনাই মুখ্যমন্ত্ৰীয়ে ধৰিলে ৰুদ্ৰৰূপ। নগাঁও উপায়ুক্তক ৰাজপথতে ধমকি লগালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। VIP সংস্কৃতিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ জিলা উপায়ুক্ত নিসৰ্ভ হিগৰেক ধমকদিলে মুখ্যমন্ত্ৰীয়ে । নগাঁৱৰ গোমোঠাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা।
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ কৰিবলৈ সাধাৰণ লোকৰ যান-বাহন আবদ্ধ কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী। নগাঁও জিলা উপায়ুক্তক ধমকি দি মুখ্যমন্ত্ৰীয়ে কয়, "সাধাৰণ লোকক কষ্ট দি মই ৰজা-মহাৰজা নহওঁ।"
অৱশ্যে পিছত কথাটো সহজ কৰি ল'বলৈ চেষ্টা কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, "সাধাৰণ লোকৰ অসুবিধা হ'লে মই কষ্ট পাওঁ। সেয়ে অফিচাৰগৰাকীক ক'বলৈ বাধ্য হ'লোঁ।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|