ৰেগিং ৰোধত ব্যৰ্থ ডিব্ৰুগড় বিশ্ববিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে হ’ব তদন্ত। PNGB ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে হ’ব তদন্ত। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষানুষ্ঠানত ৰেগিং সহ্য কৰা নহ’ব। ৰেগিং ৰোধত অৱহেলা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ৰেগিং সন্দৰ্ভত কেবিনেটত অসন্তুষ্টি ব্যক্ত মুখ্যমন্ত্ৰীৰ।
আৰক্ষীৰ দ্বাৰা তদন্ত কৰা হ’ব সমগ্ৰ ঘটনা। কেবিনেটে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰেগিং কাণ্ড ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চূড়ান্ত প্ৰশাসনিক ব্যৰ্থতা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ঘটনাই যিয়েই গাপ দিব বিচাৰিছিল সকলো তদন্তৰ আওতালৈ আহিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
ঘটনাৰ তদন্তৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰেগিঙৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা। পলাতক হৈ থকা অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হ’ব। তদন্তৰ গাফিলতি কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|