কেতিয়া স্বাভাৱিক অৱস্থা ঘূৰি আহিব ৰাজ্যলৈ? সৰুসজাইত কোভিড কেয়াৰ হাস্পতাল মুকলি কৰি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:June 10, 2021, 10:41 AM IST
কেতিয়া স্বাভাৱিক অৱস্থা ঘূৰি আহিব ৰাজ্যলৈ? সৰুসজাইত কোভিড কেয়াৰ হাস্পতাল মুকলি কৰি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কালাপাহাৰ কোভিড হাস্পতালত ২০টা আই চি ইউ সংযোজন কৰা হৈছে। লগতে ৩২খন অক্সিজেন বেডো সংযোজন কৰা হৈছে হাস্পতালখনত।

কালাপাহাৰ কোভিড হাস্পতালত ২০টা আই চি ইউ সংযোজন কৰা হৈছে। লগতে ৩২খন অক্সিজেন বেডো সংযোজন কৰা হৈছে হাস্পতালখনত।

  • Share this:
আ সৰুসজাইত মুকলি কৰা হয় তিনিশ বিচনাযুক্ত কোভিড কেয়াৰ হাস্পতাল। DRDO অধীনত স্থাপন হৈছে এই কোভিড কেয়াৰ হাস্পতাল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই হাস্পতাল। আনহাতে, কালাপাহাৰ কোভিড হাস্পতালত ২০টা আই চি ইউ সংযোজন কৰা হৈছে। লগতে ৩২খন অক্সিজেন বেডো সংযোজন কৰা হৈছে হাস্পতালখনত। সৰুসজাইত কোভিড কেয়াৰ হাস্পতাল মুকলি অনুষ্ঠানৰ পৰাই এই ব্যৱস্থাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘কোভিডৰ দ্বিতীয় ঢৌৰ বাবে অক্সিজেন, ICU প্ৰয়োজন আছিল। প্ৰথম কোভিডৰ সময়ত অক্সিজেন, ICUৰ প্ৰযোজন নাছিল। চৰকাৰ গঠন হোৱাৰ পূৰ্বে ICU আৰু বিচনা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিলো। শিলচৰ মেডিকেল হাস্পতালত এশ খন, অসম চিকিৎসা মহাবিদ্যালয়ত ৬০খন আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪৫খনকে ধৰি সৰ্বমুঠ ৰাজ্যত এমাহত ৩৯০খন ICU বিছনা সংগ্লন্ন কৰা হৈছে। ইয়াৰ বিপৰীতে অক্সিজেন বিছনা ২৬৮৪খন। লগতে ভেণ্টিলেটৰত ৰাজ্যত এমাহত ৪৬৫খন বিচনা সংযোজন কৰা হৈছে।’’

‘‘আমি অসমৰ মানুহক সহায় কৰাই নহয়, উত্তৰ–পূবৰ ৰাইজক সহায় কৰিছো। অহা ৫ বছৰৰ বাবে DRDO হাস্পতালখন ব্যৱহাৰ কৰিব পৰা যাব। মাথোঁ সামান্য মেৰামেতিৰ প্ৰয়োজন থাকিব। ২১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সৰুসজাই কোভিড কেয়াৰ হাস্পতাল। ২০ দিনৰ ভিতৰত এই নিৰ্মাণ সম্পন্ন সম্ভৱ হৈছে।’’ – ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ড০ শৰ্মাই কয় যে অসম এনে এখন ৰাজ্য য’ত লকডাউন নিদিয়াকৈ কোভিডৰ সৈতে যুঁজ দিব পাৰিছো। মই যিমানখিনি ভাবিছিলো সিমান এতিয়াও কোভিড হ্ৰাস হোৱা নাই। আপোনালোকৰ ওপৰত নিৰ্ণয় কৰিব কেতিয়া স্বাভাৱিক পৰিৱেশ হ’ব। আপোনালোকে সামাজিক দূৰত্ব মানি চলক। ১৫ তাৰিখৰ পাছত কি হ’ব এতিয়াই ক’ব নোৱাৰি। যিখন জিলাৰ পৰিৱেশ উন্নত সেইখন জিলাত সোনকালে শিথিল হ’ব কোভিডৰ নিয়ম।

৫০% কোভিডৰ সন্ত্ৰাস কমিছে। এই মাহৰ শেষলৈ আৰু কিছু কমিব। ৫০ কোটি টকা খৰচ কৰি এতিয়ালৈকে ভেকচিন ক্ৰয় কৰা হৈছে। ২১ জুনৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিনামূলীয়াকৈ দিয়াৰ কথা কৈছে। ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 10:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি