• Home
  • »
  • News
  • »
  • assam
  • »
  • ১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত অধিক কঠোৰ ভাবে বলবৎ হ'ব নেকি কোভিড বিধি? কি ক'লে মুখ্যমন্ত্ৰীয়ে?কি ক'লে মুখ্যমন্ত্ৰীয়ে?

১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত অধিক কঠোৰ ভাবে বলবৎ হ'ব নেকি কোভিড বিধি? কি ক'লে মুখ্যমন্ত্ৰীয়ে?কি ক'লে মুখ্যমন্ত্ৰীয়ে?

গুৱাহাটী মহানগৰীৰ কোৰোণা পৰিস্থিতিকলৈ এতিয়াও চিন্তিত ৰাজ্য চৰকাৰ।

গুৱাহাটী মহানগৰীৰ কোৰোণা পৰিস্থিতিকলৈ এতিয়াও চিন্তিত ৰাজ্য চৰকাৰ।

গুৱাহাটী মহানগৰীৰ কোৰোণা পৰিস্থিতিকলৈ এতিয়াও চিন্তিত ৰাজ্য চৰকাৰ।

  • Share this:
ৰাজ্যত ক্ৰমান্বৰে উন্নত হৈছে কোভিড পৰিস্থিতি। পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰে জাৰি কৰিছে শিথিলতা। কিন্তু গুৱাহাটী মহানগৰীৰ কোৰোণা পৰিস্থিতিকলৈ এতিয়াও চিন্তিত ৰাজ্য চৰকাৰ।

ইফালে অহা ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে। আনহাতে ৫ ছেপ্তেম্বৰৰ শিক্ষক দিৱসৰ পূৰ্বে সকলো শিক্ষক- শিক্ষয়িত্ৰীকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিব ১২ লাখ কোভিড ভেকচিন।

ইয়াৰ উপৰিও অহা ১ ছেপ্তেম্বৰৰ আন্তঃজিলা বাছ চলাচল খুলিব বুলি জনাই দিয়ে মুখ্যমন্ত্ৰীয়ে। কিন্তু গুৱাহাটীৰ কোভিড পৰিস্থিতি অপৰিৱৰ্তিত থকাৰ বাবে চিন্তা বঢ়াইছে চৰকাৰৰ। বৰ্তমান সকলো দিশ পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি জনাই মুখ্যমন্ত্ৰী শৰ্মাই। আৰু তাৰ পৰৱৰ্তী সময়তহে গুৱাহাটীত কিদৰে কোভিড নিয়ন্ত্ৰণলৈ আনিব পাৰে, সেই দিশত আগবাঢ়িব চৰকাৰ।
Published by:Himangshu Bhuyan
First published: