• Home
  • »
  • News
  • »
  • assam
  • »
  • 'মিত্ৰতা কিয় লাগে, BPFৰ মানুহ BJPলৈ আহিয়েই আছে'- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ এই মন্তব্যই দিছে বিশেষ ইংগিত

'মিত্ৰতা কিয় লাগে, BPFৰ মানুহ BJPলৈ আহিয়েই আছে'- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ এই মন্তব্যই দিছে বিশেষ ইংগিত

হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যত শূন্যঃ কংগ্ৰেছ

হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যত শূন্যঃ কংগ্ৰেছ

হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যত শূন্যঃ কংগ্ৰেছ

  • Share this:
হাগ্ৰামা মহিলাৰী, ক্ষমতাত সদায় থাকিব বিচৰা এটা নাম ৷ ক্ষমতাত নাথাকিলেও ক্ষমতাত থকা পক্ষৰে সদায় উঠা-বহা কৰিব বিচাৰে মহিলাৰীয়ে ৷ এই কথা অৱশ্যে অকপটে স্বীকাৰো কৰে BTCত ২০২০লৈ শাসন চলোৱা হাগ্ৰামা মহিলাৰীয়ে ৷ বিগত BTCৰ নিৰ্বাচনত শাসনৰ বাঘজৰী এৰিবলগীয়া হোৱা হাগ্ৰামাৰ দলে বিগত বিধানসভাৰ নিৰ্বাচনতো মুখ থেকেচা খালে ৷ ইয়াৰ পিছৰে পৰা BJPৰ সৈতে মিত্ৰতা কৰিবলৈ অৰ্হনিশে চেষ্টা অব্যাহত ৰাখিছে মহিলাৰীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনেকবাৰ সাক্ষাৎ কৰিছে সদলবলে মহিলাৰীয়ে ৷ কিন্তু আনুষ্ঠানিক মিত্ৰতা হৈ নুঠিল BJPৰে BPFৰ ৷

ইয়াৰ মাজতে দেওবাৰে বাক্সাত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নত কৈয়ে দিলে- “BPFৰে হোৱা নাই BJPৰ ৰাজনৈতিক মিত্ৰতা ৷ BPFৰে মিত্ৰতাৰ প্ৰয়োজনো নাই ৷ কিয়নো BPFৰ মানুহবোৰ আহিয়েই আছে BJPলৈ ৷”

মুখ্যমন্ত্ৰীৰ এই ঘোষণাই দিলে আন এক ইংগিত ৷ যেন BJPত BPFৰ চামিলকৰণৰ এক অংক কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ সমান্তৰালকৈ বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কঠোৰ ভাষাৰে সমালোচনা কৰিলে হাগ্ৰামা মহিলাৰীক ৷ জাকিৰে ক'লে- “সুবিধাবাদী হাগ্ৰামায়ে উজটি খাই পৰিছে আৰু পৰাৰ পৰা উঠিব নোৱাৰে তেওঁ ৷ এতিয়া আৰু হাগ্ৰামাৰ ৰাজনৈতিক ভৱিষ্যত শূন্য ৷”

সুবিধাবাদী হাগ্ৰামা মহিলাৰীৰ দল BPFৰে আৰু কোনো দিনে কংগ্ৰেছে মিত্ৰতা নকৰে বুলিও সদৰি কৰে APCCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷

উল্লেখযোগ্য যে BPFৰ বহুকেইজন নেতাই ইতিমধ্যে হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি যোগ দিছে BJPত ৷ পৰৱৰ্তী সময়ত হাগ্ৰামা মহিলাৰীয়েও BJPত যোগ দিব নেকি, সেয়া সাম্প্ৰতিক সময়ত এটা চৰ্চাৰ বিষয় ৷
Published by:Himangshu Bhuyan
First published: