অৰুণাচল আৰু মিজোৰামৰ সৈতে অলপ চেষ্টা কৰিলে সীমা সমস্যা সম্ভৱ হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অৰুণাচল আৰু মিজোৰামৰ সৈতে অলপ চেষ্টা কৰিলে সীমা সমস্যা সম্ভৱ হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অসম–নাগালেণ্ডৰ সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হাফলঙত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘নাগালেণ্ডৰে অসমৰ সীমা সমস্যা উচ্চতম ন্যায়ালয়ৰ জৰিয়তেহে সম্ভৱ।’’
‘‘মেঘালয়ৰে থকা ১২টা বিবদমান অঞ্চলৰ ৯টাৰ সমস্যা সমাধান সম্ভৱ৷ বাকী তিনিটা অলপ সমস লাগিব৷ মেঘালয়ৰ সৈতে আলোচনাৰ ভিত্তিত হোৱা সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিম।’’ – ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, অৰুণাচল আৰু মিজোৰামৰ সৈতে অলপ চেষ্টা কৰিলে সীমা সমস্যা সম্ভৱ হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি সন্ধিয়া ৬ বজাত অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|