মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

News18 Assam | News18-Assam
Updated:August 20, 2021, 3:33 PM IST
অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
মাইক্ৰফাইনেন্সৰ লোন মাফকলৈ শনিবাৰে কোম্পানীৰ সৈতে MOU কৰিব ৰাজ্য চৰকাৰে।

মাইক্ৰফাইনেন্সৰ লোন মাফকলৈ শনিবাৰে কোম্পানীৰ সৈতে MOU কৰিব ৰাজ্য চৰকাৰে।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ দিন। আজডিৰ দিনটোতে ৰাজ্যবাসীলৈ বহুখিনি উপহাৰ আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ অন্যতম অভিলাসী আঁচনি অৰুণোদয়ৰ ধন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰ্তমান অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰে ৮৩০ টকা। কিন্তু এতিয়া এই ধনৰ পৰিমাণ ১০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আনহাতে মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভতো আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰফাইনেন্সৰ লোন মাফকলৈ শনিবাৰে কোম্পানীৰ সৈতে MOU কৰিব ৰাজ্য চৰকাৰে।

ইয়াৰ পূৰ্বে বিধানসভাত বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী অজন্তা নেওগেও মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভত চৰকাৰে লোৱা বিশেষ সিদ্ধান্তৰ সন্দৰ্ভত অৱগত কৰিছিল। বিত্তমন্ত্ৰীগৰাকীয়ে তথ্য সহকাৰে জনাইছিল যে,  'অসমৰ প্ৰায় ৩৬ লাখ ঋণ গ্ৰহণকাৰী লোকক মুঠ ১২,৫০০ কোটি টকাৰ ঋণ প্ৰদান কৰিছে। এই ধনৰ অধিকাংশই ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰদান কৰা হৈছে।'

তিনিটা ভাগত ঋণগ্ৰস্ত লোকসকলক ভাগ কৰা হৈছিলঃ





    • প্ৰথম শ্ৰেণীত নিয়মিত ভাবে ঋণ পৰিশোধ কৰি থকা সকলক অন্তৰ্ভুক্ত কৰা হৈছিল। ঋণ পৰিশোধৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে তেওঁলোকলৈ ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।







    • ১ৰ পৰা ৮৯ দিনলৈকে  ঋণ পৰিশোধ নকৰাসকলক দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল। এই গ্ৰাহকসকললৈ পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰাৰ কথা। আৰু  তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকে কিষ্টিসমূহ পৰিশোধ কৰাটো আৰম্ভ কৰাৰ পিছত তেওঁলোক ২৫ হাজাৰ টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব বুলি জানইছিল বিত্তমন্ত্ৰীগৰাকীয়ে।





  • যিসকল গ্ৰাহক মানসিকভাবে চাপৰ সন্মুখীন হৈছে তথা সস্বস্বান্ত হৈ পৰিছে আৰু যিসকলৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে, তেওঁলোকক তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল।


Published by: Himangshu Bhuyan
First published: August 20, 2021, 3:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি