• Home
  • »
  • News
  • »
  • assam
  • »
  • ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ কঠোৰ মুখ্যমন্ত্ৰী, টেটৰ দৰেই স্বচ্ছ আৰু নিকা হ’ব নিযুক্তি পৰীক্ষা

২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিক লৈ কঠোৰ মুখ্যমন্ত্ৰী, টেটৰ দৰেই স্বচ্ছ আৰু নিকা হ’ব নিযুক্তি পৰীক্ষা

বৃহস্পতিবাৰে হাইলাকান্দিত এই পৰীক্ষাৰ প্ৰশ্নকাকত যোগান ধৰাৰ নামত বিভিন্নজনৰ পৰা ধন লোৱা এজন যুৱক আৰক্ষীৰ জালত পৰে। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। 

  • Share this:
২৬ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাৰ ওপৰত দুষ্ট চক্ৰৰ চকুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, ‘২৬ হাজাৰ নিযুক্তি পৰীক্ষাক লৈ অহা ১৬ তাৰিখত হ'ব SP–DCৰে বৈঠক। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব এজনকৈ SI। পৰীক্ষা কেন্দ্ৰত কৰ্তন কৰা হ'ব ইন্টাৰনেট। এই সৰ্ববৃহৎ পৰীক্ষাৰ জৰিয়তে অসমত ২০ বছৰ বাবে গঢ়ি তোলা হ'ব কোৱালিটী মানৱ সম্পদ। পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰক ৰোধিবলৈ সাজু হৈ আছে সকলো। আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে।’

উল্লেখযোগ্য যে ২১ আগষ্টত ১৩ হাজাৰ চতুৰ্থ বৰ্গ আৰু ২৮ আগষ্টত ১৩ হাজাৰ তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যাতে মানৱ সম্পদ গঢ় দি বিভাগসমূহত সুন্দৰভাৱে কাম–কাজ চলাৰ বাবে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটো কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ পাতিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ লেখীয়াকৈ সম্পূৰ্ণ নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে যোগ্যতাৰ ভিত্তিত যাতে নিযুক্তি লাভ কৰে তাক লৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

বৃহস্পতিবাৰে হাইলাকান্দিত এই পৰীক্ষাৰ প্ৰশ্নকাকত যোগান ধৰাৰ নামত বিভিন্নজনৰ পৰা ধন লোৱা এজন যুৱক আৰক্ষীৰ জালত পৰে। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
Published by:Sanjay Kumar Das
First published: