• Home
  • »
  • News
  • »
  • assam
  • »
  • BTRৰ নেতা প্ৰমোদ বড়ো আৰু হাগ্ৰামা দুয়োজনেই এতিয়া হিমন্তৰ জেপতঃ জিতেন্দ্ৰ সিং

BTRৰ নেতা প্ৰমোদ বড়ো আৰু হাগ্ৰামা দুয়োজনেই এতিয়া হিমন্তৰ জেপতঃ জিতেন্দ্ৰ সিং

বিজেপি, UPPL, AIUDF দলৰ পিছত এইবাৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ।

বিজেপি, UPPL, AIUDF দলৰ পিছত এইবাৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ।

বিজেপি, UPPL, AIUDF দলৰ পিছত এইবাৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ।

  • Share this:
বিজেপি, UPPL, AIUDF দলৰ পিছত এইবাৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিলৈ উপ-নিৰ্বাচনী প্ৰচাৰৰ অন্তিম সময়ত বিভিন্ন দলৰ অসংখ্য নেতাৰ আগমন ঘটিছে। শাসক দলৰ নেতাৰ মুখৰে ওলাইছে প্ৰতিশ্ৰুতি, আঁচনিৰ ফুলজাৰি । সোমবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতাই সমষ্টিটোত চলালে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৰ হৈ আজি গোসাঁইগাঁৱৰ হাৰাফুটাত নিৰ্বাচনী প্ৰচাৰ চলাই সৰ্ব ভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ।

জিতেন্দ্ৰ সিং ভাষণত কয় যে, 'অসম চুক্তিৰ জৰিয়তে অসমত শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাজীৱ গান্ধীয়ে অসম চুক্তি সম্পাদন কৰে। সেই চুক্তিৰ আধাৰতে অসমৰ নীতি নিৰ্ধাৰণ হৈ আছে। কিন্তু বিজেপিয়ে সেই ঐতিহাসিক চুক্তিকো অৱমাননা কৰি চলিছে। গোসাঁইগাঁৱত কংগ্ৰেছৰ জয় নিশ্চিত। বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু বিৰুদ্ধে থকা হাগ্ৰামা  মহিলাৰী দুয়োজন বৰ্তমান হিমন্তৰ বিশ্ব শৰ্মাৰ পকেটত। আজমলো বিজেপিৰ ওচৰত বিক্ৰী হৈছে। কংগ্ৰেছ দল কণ্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে সকলোকে একেলগে  লৈ আগুৱাই যোৱা এটা ৰাজনৈতিক দল। কংগ্ৰেছ দলৰ চৰকাৰ থাকোতে বিটিচিৰ কাম কাজত দিছপুৰে হস্তক্ষেপ কৰা নাছিল । এতিয়া প্ৰমোদ বড়োৱে হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশ মতে চলিব লাগে। বিজেপি দলৰ স্বাৰ্থ পূৰণৰ বাবে যিকোনো সময়ত বিটিআৰ শেষ কৰি দিব পাৰে। এতিয়া সুশাসন নহয় বিভাজনৰ নীতি চলি আছে অসমত। বিগত পাঁচ মাহত কেৱল মিছা ঘোষণা কৰিছে  হিমন্তৰ চৰকাৰে। কোনো কাম কৰা নাই।'

উক্ত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই কয় যে, 'বিজেপি চৰকাৰে ভূমি পট্টা দিব, চাহ শ্ৰমিকক মজুৰি বৃদ্ধি, চাকৰি দিব বুলি কৈছিল কিন্তু আজিলৈকে এটা প্ৰতিশ্ৰুতি পূৰণ  কৰা নাই। আজি মই এই মঞ্চৰ পৰা কওঁ যে, জুৱেল টুডু জিকিব সেয়া নিশ্চিত। সকলো মাতৃ সমাজক আহ্বান জনাইছো হাতৰ চিনত ভোট দিবলৈ। চৰকাৰৰ পৰা ৰন্ধন গেছৰ চুলা লাভ কৰিছে যদিও গেছ ভৰাবলৈ টকা নাই। নিৰ্বাচনৰ সময়ত বিজেপি ১০০ প্লাছ বুলি নিৰ্বাচনী  পোষ্টাৰত লিখিছিল । কিন্তু সেই ১০০ প্লাছ সত্য হ'ল। দলৰ ১০০ প্লাছ নহয় ডিজেল-পেট্ৰলৰ মূল্য ১০০ প্লাছ কৰিলে।'

সভাপতি বৰাই লগতে কয় যে,'  হিমন্ত তোমাক আমি ভয় নকৰো। তোমাৰ কুকৰ্মৰ উত্তৰ দিবলৈ ৰাইজে সুযোগ পাইছে। অহা ৩০ অক্টোবৰত ৰাইজে উত্তৰ দিব। মুখ্যমন্ত্ৰীগৰাকী  অসমৰ মানুহক অপমান কৰিছে। মুখ্যমন্ত্ৰীগৰাকী গোসাঁইগাঁৱৰ ৰাইজক পইতা ভাত খাই শুই থাকিব দিছে। এইবোৰ তৰল কথা মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়।মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা থাকে কিন্তু তেওঁ সেই গৰিমা ৰক্ষা কৰিব পৰা নাই। তেওঁ ৰাইজক কথাই কথাই অপমান কৰে। ৰাইজ এইবোৰ বুজি পায় আৰু তেওঁৰ এই অহংকাৰ পতন হ'ব।গোসাঁইগাঁৱত কংগ্ৰেছৰ জয় সুনিশ্চিত গম পাই মুখ্যমন্ত্ৰীয়ে ঘৰে ঘৰে গৈ ভোট বিচাৰিব লগা হৈছে। ভোটত জয়লাভ কৰাৰ বাবে ভোট বিভাজনৰ ৰাজনীতি কৰিছে বিজেপি-ইউপিপিএল দলে।'
Published by:Himangshu Bhuyan
First published: