• Home
  • »
  • News
  • »
  • assam
  • »
  • Government Job: সলনি হ'ব ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি! নিযুক্তি খৰটকীয়া কৰিবলৈ হ'ব পাৰে Common Test! জানি লওক সবিশেষ

Government Job: সলনি হ'ব ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি! নিযুক্তি খৰটকীয়া কৰিবলৈ হ'ব পাৰে Common Test! জানি লওক সবিশেষ

বিভিন্ন মিডিয়া ৰিপৰ্ট অনুসৰি, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি সলনি কৰাৰ চিন্তা চৰ্চা কৰিছে।

বিভিন্ন মিডিয়া ৰিপৰ্ট অনুসৰি, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি সলনি কৰাৰ চিন্তা চৰ্চা কৰিছে।

বিভিন্ন মিডিয়া ৰিপৰ্ট অনুসৰি, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি সলনি কৰাৰ চিন্তা চৰ্চা কৰিছে।

  • Share this:
ৰাজ্য চৰকাৰে প্ৰথম বৰ্ষপূৰ্তিৰ ভিতৰত ৰাজ্যৰ এক লাখ নিবনুৱাৰ হাতত নিযুক্তিপত্ৰ তুলি দিব বুলি ইতিমধ্যে কথা দিছে। তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা( Himanta Biswa Sarma)ই সকলো বিভাগতে খালী হৈ থকা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। গঠন কৰি দিছে কমিটী। সেইদৰে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু গৃহ বিভাগে ইতিমধ্যে খালী পদৰ বাবে জাৰি কৰিছে বিজ্ঞাপন। জানিব পৰা মতে, আন আন বিভাগ সমূহেই শীঘ্ৰে প্ৰকাশ কৰিব বিভিন্ন বৰ্গত খালী হৈ থকা পদসমূহৰ বিজ্ঞাপন। পিছে তাৰ মাজতে অন্য এটা প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিছে।(Government Job)

বিভিন্ন মিডিয়া ৰিপৰ্ট অনুসৰি, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি সলনি কৰাৰ চিন্তা চৰ্চা কৰিছে। নিযুক্তি প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ এটাই Common Test অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে। ফলত ২০২২ চনৰ পৰা সুকীয়া সুকীয়া কৈ বিভাগ সমূহে নিযুক্তি পৰীক্ষা অনুষ্ঠিত নকৰিব পাৰে।

তথ্য মতে,ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ আছে ১,১১,১৯১টা পদ। ইয়াৰে গ্ৰেড ১ৰ খালী পদৰ সংখ্যা ৩,৫৮৭টা। সেইদৰে গ্ৰেড ২ত খালী হৈ আছে ১০৯৪টা পদ। ইয়াৰ বাবে অসম লোকসেৱা আয়োগে বিভিন্ন পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। কিন্তু এই নিযুক্তি প্ৰক্ৰিয়া খৰকটীয়া আৰু স্বচ্ছ কৰিবলৈ সুকীয়া পদ্ধতি চিন্তা কৰিছে ৰাজ্য চৰকাৰে। যিসমূহ পদৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতা একেই হব, তাৰ বাবে APSCৰ জৰিয়তে ৰাজ্য চৰকাৰে  Common Test অনুষ্ঠিত কৰিব পাৰে। সেইদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰতো একেই নীতি ল'ব চৰকাৰে।

ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইণ্টাৰনেট ৰিক্ৰুইটমেণ্ট কমিশ্যন গঠনৰ চিন্তা-চৰ্চা কৰিছে। আগন্তুক বিধানসভা অধিৱেশনত ৰাজ্য চৰকাৰে সবিশেষ জনাব পাৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: