সংঘ ভূমি নাগপুৰত আজি আৰএছএছ (RSS) প্ৰধান মোহন ভাগৱত (Mohan Bhagwat)ক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মোহন ভাগৱতক সাক্ষাৎ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
এই সাক্ষাৎ কালত অসমৰ বিষয়ে আলোচনা কৰাৰ লগতে উত্তৰপূবৰ বিষয়েও আলোচনা কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে উত্তৰপূবক লৈ যথেষ্ট সংবেদনশীল আৰএছএছ। সেয়ে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ (NEDA)ও আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উত্তৰপূৰ্বক লৈও আলোচনা হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
মোহন ভাগৱতক সাক্ষাৎ কৰাৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই ৰেছমবাগ স্মৃতি মন্দিৰলৈ গৈ সংঘৰ প্ৰতিষ্ঠাপক ডাঃ হেডগেৱাৰ আৰু গুৰু গোলৱলকাৰৰ সমাধিস্থলীত সেৱা জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|