• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Met Army Chief : টাৱাঙত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে দেশৰ সেনা প্ৰধান নাৰাৱাণেক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

CM Himanta Met Army Chief : টাৱাঙত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে দেশৰ সেনা প্ৰধান নাৰাৱাণেক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সেনা প্ৰধানৰ সৈতে মুখ্যমন্ত্ৰী

সেনা প্ৰধানৰ সৈতে মুখ্যমন্ত্ৰী

নতুন দিল্লীত ইণ্ডিয়া টুডে কনক্লেভত ভাগ ল'বলৈ গৈ সেনা প্ৰধান নাৰাৱাণেক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে।

  • Share this:
চুবুৰীয়া অৰুণাচলত চীনা সৈন্যৰ আগ্ৰাসী ৰূপৰ সময়তে দেশৰ সেনা প্ৰধান এম এম নাৰাৱাণে (Chief of the Army Staff, General Manoj Mukund Naravane)ক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপত দুয়োজনে নিৰাপত্তা বিযয়ক বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা বুলি অনুমান কৰা হৈছে। নতুন দিল্লীত এক অনুষ্ঠানৰ মাজতে সেনা প্ৰধান নাৰাৱাণেক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে।  ছচিয়েল মিডিয়াত এই কথা শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে।



উল্লেখ্য যে নতুন দিল্লীত ইণ্ডিয়া টুডে কনক্লেভত ভাগ ল'বলৈ গৈ সেনা প্ৰধানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে। শেহতীয়াকৈ অৰুণাচল সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে নিৰাপত্তাৰ প্ৰসংগটো পুনৰ চৰ্চিত হৈ পৰিছে। লগতে NSCN(IM)ৰ সৈতে হ'ব লগা আলোচনাৰ প্ৰসংগটোও গুৰুত্বপূৰ্ণ হৈ উঠিছে।
Published by:Manjumoni Borah
First published: