কোনো এটা ফাইল এটা অফিচত দিনৰ পিছত দিন অথবা মাহৰ পিছত মাহ কিয় পৰি থাকে? ফাইলৰ কাম খৰতকীয়া গতিত নহয় কিয়? আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আমোলা বিষয়াৰে এক কৰ্মশালাত অংশ লৈ এই বিষয়টো উত্থাপন কৰে। থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে সন্মিলনত অংশ লোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আমোলা বিষয়াৰে প্ৰশাসনীয় সংস্কাৰৰ ওপৰত হোৱা বিশেষ কৰ্মশালাত ভাগ লয়।
এই বৈঠকত সকলো কেবিনেট মন্ত্ৰীয়ে অংশ লোৱাৰ লগতে বিভিন্ন বিভাগৰ আমোলা–বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা উন্নত কৰাৰ বাবে সকলোৱে নিজ কামত গতিশীলতাৰে পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।
ড০ শৰ্মাই কয়– 'গণতান্ত্ৰিক দেশ এখনত যেতিয়া মানুহে কামবোৰ সুকলমে, সময়মতে হোৱা দেখা নাপায়, তেতিয়া মানুহে হতাশাত ভুগে, হতাশাৰ পৰা ক্ষোভ আৰু ক্ষোভৰ পৰা একপ্ৰকাৰ নৈৰাজ্যলৈ গতি কৰে।' মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এক লেহেমীয়া প্ৰশাসনিক ব্যৱস্থাৰ মাজেৰে কেতিয়াও অসমখনক দেশৰ শীর্ষ ৫ ৰাজ্যৰ শাৰীত ৰাখিব পৰা নাযাব। তেওঁ সকলো বিভাগৰ কামৰ বুজ লোৱাৰ লগতে এইক্ষেত্ৰত প্ৰশাসনিক কাম–কাজ স্বচ্ছ আৰু গতিশীল কৰাত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। ৪ ঘণ্টীয়া আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে যোগাত্মক চিন্তাধাৰাৰে প্ৰশাসনীয় কাম-কাজ আগবাঢ়িব বুলি উল্লেখ কৰে। আগন্তুক দিনত প্ৰশাসনীয় সংস্কাৰৰ ফল ৰাইজে দেখিবলৈ পাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|