জল জীৱন মিচনৰ ঠিকাদাৰ, থাৰ্ড পাৰ্টী এজেঞ্চী আৰু মিচনৰ অভিযন্তা বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক ৷ জল জীৱন মিচনৰ কামকাজৰ ৰিভিউ বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাও ৷
বৈঠকত মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা যি কাম কৰিব নোৱাৰে কাম এৰি দিয়ক ৷ নহয় সময়ত কাম শেষ কৰক ৷ বহু ঠিকাদাৰে ঘৰত গৈ মন্ত্ৰীৰ পৰা কাম লৈছে কিন্তু কামৰ পাৰদৰ্শিতা দেখুৱাব পৰা নাই তেওঁলোকে হয় ভালকৈ কাম কৰি সময়ত প্ৰজেক্ট উলিয়াই দিয়ক নহ'লে নিজে কাম এৰি দিয়ক ৷ কোনো মন্ত্ৰী বিধায়কৰ লগত ভাল হওক মই খাতিৰ নকৰো ৷ ২০২৪ ৰ মাৰ্চৰ আগত সকলো কাম শেষ কৰিব লাগিব ৷ আগৰ দিনৰ দৰে নচলিব ৷ জানুৱাৰীত অলপ কাম কৰি মাৰ্চত বিল উলিয়াই নি আকৌ জানুৱাৰীলৈ কাম ৰখাই থলে নহ'ব ৷ মূখ্যমন্ত্ৰীয়ে ঠিকাদাৰ সকলৰ লগত পুনৰ ১৫ দিনৰ পিছত মিলিত হ'ব ৷ য'ত ঠিকাদাৰ সকলে তাৰ পূৰ্বে কাম এৰি দিয়ক নতুবা পাৰ্ফমেঞ্চ গেৰান্টী দিব নহ'লে ৯ মাৰ্চৰ বৈঠকত এৰি দিব ৷ এই বৈঠকৰ পিছতে যিসকল ঠিকাদাৰে ১০ শতাংশ কাম কৰিছে তেওঁলোকৰ লগতো বৈঠকত মিলিত হব ৷
মুখ্যমন্ত্ৰীয়ে অকল ঠিকাদাৰকে নহয় সকীয়নি দিয়ে অভিযন্তা, ADC কে ধৰি অন্যান্য বিষয়াক ৷ মিচনৰ কামক গেলামালৰ বজাৰ নকৰিব ৷ যি পাক লগাই থৈছে সেই পাক খুলি দিয়ক ৷ নহলে বিপদ হব ৷ থাৰ্ড পাৰ্টী এজেঞ্চীকো হিন্দীত সকীয়নি মুখ্যমন্ত্ৰীৰ ৷ গুৱাহাটীত বহি কাম সম্পূৰ্ণ হোৱাৰ চাৰ্টিফিকেট দিয়া বন্ধ কৰক ৷ নহ'লে সকলো ফচিব ৷ মই জানো কেনেকে সেইসকলক ফচাব লাগে ৷ যদি সময়ত কাম সম্পূৰ্ণ কৰিব পাৰে তেন্তে ভাৰত চৰকাৰে আৰু বেছি ধন দিব আৰু নতুন মিচন হব ৷ ২৪ ৰ মাৰ্চৰ পিছত কোনেও ধন নাপায় ৷ সেই কাৰনে ভালকে কাম কৰক, সময়ত শেষ কৰক ৷ তেতিয়া আৰু কাম পাব ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 25, 2023, 21:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।