মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মিত্ৰজোঁটৰ বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক, বৈঠকৰ অন্তত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান

মিত্ৰজোঁটৰ বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক, বৈঠকৰ অন্তত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান

News18 Assam | News18-Assam
Updated:October 10, 2021, 11:36 AM IST
মিত্ৰজোঁটৰ বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক, বৈঠকৰ অন্তত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান
বৈঠকত বিভাগ আৰু সমষ্টিভিত্তিক পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে

বৈঠকত বিভাগ আৰু সমষ্টিভিত্তিক পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে

  • Share this:
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অতিক্ৰম কৰিলে পাঁচটা মাহ ৷ পাঁচটা মাহত চৰকাৰখনে ঘোষণা কৰিলে বহু উন্নয়নমূলক আঁচনি ৷ পিছে ৰাজ্য চৰকাৰে ঘোষণা কৰা এই উন্নয়নমূলক কামে বাস্তৱৰূপ পাইছেনে?  বাস্তৱ কাৰ্যকৰী কৰিবলৈ ক'ত ক'ত আহি পৰিছে সুৰুঙা?

দেওবাৰে এই সকলোবোৰ বিষয় সামৰি মিত্ৰজোঁটৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজিৰ বৈঠকতে চৰকাৰৰ ৰৈ যোৱা ভূল-ক্ৰুটি সমূহ কিদৰে মাৰিব পাৰি তাৰ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা বৈঠক নিশা ৯ বজালৈ চলাৰ সম্ভাৱনা আছে ৷ আৰু বৈঠকৰ পিছতে গীতে মাতে ৰঙীন হ'ব কইনাধৰা ৷ নিশাৰ ভাগত কইনাধৰাত আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷
Published by: Himangshu Bhuyan
First published: October 10, 2021, 11:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি