• Home
  • »
  • News
  • »
  • assam
  • »
  • 'আই এদিন আপোনাৰ ঘৰলৈ মই যাম'-৯০ ঊৰ্ধ্বৰ আইতাক সমস্যা সামাধানৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে, ৰাখিলে ফোন নম্বৰ

'আই এদিন আপোনাৰ ঘৰলৈ মই যাম'-৯০ ঊৰ্ধ্বৰ আইতাক সমস্যা সামাধানৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে, ৰাখিলে ফোন নম্বৰ

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগ ধৰিলে 'আইতা'ক। যি সমস্যা লৈ আইতাই মুখ্যমন্ত্ৰীক লগ ধৰিব খুজিছিল, মুখ্যমন্ত্ৰীয়ে গুৱাহাটীলৈ গৈয়ে সমস্যাটো সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে।

  • Share this:
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগ ধৰিলে 'আইতা'ক। যি সমস্যা লৈ আইতাই মুখ্যমন্ত্ৰীক লগ ধৰিব খুজিছিল, মুখ্যমন্ত্ৰীয়ে গুৱাহাটীলৈ গৈয়ে সমস্যাটো সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। লগতে আইতাই খাবৰ বাবে ফল-মূলৰো ব্যৱস্থা কৰি দিলে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে সবিশেষ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। সুখৰ অনুভূতি মুখ্যমন্ত্ৰীয়ে এনেদৰে শ্বেয়াৰ কৰে। আজি কাজিৰঙাত ৯০ বছৰীয়া আইতাৰ পৰা আশীৰ্বাদ লাভ কৰি কিমান ঐশ্বৰিক অনুভৱ হয়। পুত্ৰৰ সৈতে সম্পৰ্কিত এটা ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত মোক দেৰগাঁৱৰ পৰা লগ ধৰিবলৈ অতি দয়াৰে আই আহিছিল। সমস্যাটোৰ সমাধানত চৰকাৰৰ পৰা সকলো সহায় সমৰ্থনৰ আশ্বাস দিও।'

ইফালে  আইতাগৰাকীয়ে জনোৱা মতে, গোলাঘাট জিলা পৰিবহণ কাৰ্যালয়ত অস্থায়ী কৰ্মী হিচাপে কৰ্মৰত আছিল তেওঁৰ পুত্ৰ। কোনো বিশেষ কাৰণত পুত্ৰৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ লগতে পুত্ৰৰ চাকৰি স্থগিত ৰখাত চিন্তিত হৈ পৰিছে আইতা বিনো গোস্বামী।

ইফালে আইতাৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে তেওঁলোকৰ ঘৰলৈ যাব বুলিও উল্লেখ কৰে। আইতাৰ লগত অহা এগৰাকী লোকৰ পৰা ফোন নম্বৰ সংগ্ৰহ কৰি সমস্যা সমাধান কৰি লগে লগে আইতাক ফোন কৰি জনাব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published: