কামপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ গৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বান পৰিস্থিতি পৰ্যবেক্ষণৰ মাজতে এক সুন্দৰ দৃশ্য বন্দী হ’ল কেমেৰাত। গাড়ীৰ ছীটত বহি গান শুনিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু মিউজিক ছিষ্টেমত নহয়, চালকজনে গাইছে আৰু মুখ্যমন্ত্ৰীয়ে শুনিছে।
গাড়ীৰ ফ্ৰণ্ট ছীটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাষতে চালকজন। চালকজনে গাইছে পাপনে গোৱা সেই জনপ্ৰিয় গীতটো। ‘প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল...’।
কাষৰ ছীটত বহি বিমুগ্ধ হৈ চালকজনলৈ চাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ ওঁঠত যেন প্ৰশান্তিৰ হাঁহি। সুন্দৰকৈ পাপনৰ জনপ্ৰিয় গীতটোৰ কলি গুণগুণাইছে চালকজনে।
গীতৰ কলিটো শেষ হোৱাত আপ্লুত হৈ চালকজনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধিলে – ‘তই ক’ৰবাত বিহুত উঠনে নাই?’ চালকজনে উত্তৰ দিলে – ‘উঠা নাই ছাৰ, আগতে উঠিছিলো’। লগে লগে মুখ্যমন্ত্ৰীয়ে ক’লে – ‘মই তোক উঠাই দিম এবাৰ।’ ইয়াৰ পিছতে দুৱাৰ খুলি গাড়ীৰ পৰা নামি অহা দেখা গৈছে মুখ্যমন্ত্ৰীক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|