• Home
  • »
  • News
  • »
  • assam
  • »
  • এতিয়া আৰু DTO অফিচলৈ আহিব নালাগে, ঘৰত বহিয়ে কৰিব পাৰিব লাইচেন্সৰ নবীকৰণ, বনাব পাৰি ডুপ্লিকেড লাইচেন্সো

এতিয়া আৰু DTO অফিচলৈ আহিব নালাগে, ঘৰত বহিয়ে কৰিব পাৰিব লাইচেন্সৰ নবীকৰণ, বনাব পাৰি ডুপ্লিকেড লাইচেন্সো

জিলা পৰিবহণ কাৰ্যালয়লৈ নহাকৈ এতিয়াৰে পৰা কৰিব পাৰিব লাইচেন্সৰ নবীকৰণ আৰু লাভ কৰিব ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স।

জিলা পৰিবহণ কাৰ্যালয়লৈ নহাকৈ এতিয়াৰে পৰা কৰিব পাৰিব লাইচেন্সৰ নবীকৰণ আৰু লাভ কৰিব ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স।

জিলা পৰিবহণ কাৰ্যালয়লৈ নহাকৈ এতিয়াৰে পৰা কৰিব পাৰিব লাইচেন্সৰ নবীকৰণ আৰু লাভ কৰিব ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স।

  • Share this:
এতিয়া ঘৰত বহিয়ে আপুনি কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স নবীকৰণ। লাভ কৰিব ডুপ্লিকেট লাইচেন্সো। ২৪ ঘণ্টাৰ ভিতৰত নবীকৰণ লাইচেঞ্চ লাভ কৰিব। আজি খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অনলাইন ড্ৰাইভিং লাইচেন্সৰ নবীকৰণ আৰু ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স প্ৰাপ্তি সেৱা। জিলা পৰিবহণ কাৰ্যালয়লৈ নহাকৈ এতিয়াৰে পৰা কৰিব পাৰিব লাইচেন্সৰ নবীকৰণ আৰু লাভ কৰিব ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স।

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘শেহতীয়া মাহত অনলাইনযোগে লাৰ্নাৰ লাইচেন্স পাব পৰা ব্যৱস্থা কৰা হৈছিল। ইয়াৰ জৰিয়তে ১ লাখ ৩৮ হাজাৰ লাৰ্নাৰ লাইচেন্স লাভ কৰিবলৈ সক্ষম হৈছে। পূৰ্বে এইসকল লোকে জিলা পৰিবহণ কাৰ্যালয়লৈ আহিব লগা হৈছিল। যাৰ ফলত বৃহৎসংখ্যক লোকৰ দিনটোৰ কাম ক্ষতি হৈছিল। এতিয়া সেয়া নহয়, ঘৰতে বহি লাইচেন্স ল’ব পাৰিছে। মাথোঁ মূল লাইচেন্স লোৱাৰ বাবে এদিন পৰীক্ষা দিব লাগিব প্ৰাৰ্থী।’’

এতিয়া লাইচেন্স নবীকৰণ তথা ডুব্লিকেট লাইচেন্স ঘৰতে বহি উলিয়াব পাৰিব। বছৰৰ শেষত আৰু কেইবাটাও ব্যৱস্থা সংযোজন কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, বাহনৰ ঠিকনা পৰিৱৰ্তন অনলাইন যোগে হ’ব। ডিলাৰসমূহে প্ৰদান কৰিব বাহনৰ পঞ্জীয়ন পত্ৰ। জিলা পৰিবহণ কাৰ্যালয়ত আহিব নালাগে গৰাকী।



আনহাতে, পৌৰ নিগমৰ ব্যৱসায়িক অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈও নিগমৰ কাৰ্যালয়লৈ আহিব নালাগে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। অনলাইনযোগে লাভ কৰিব পাৰিব নিগমৰ ব্যৱসায়িক অনুমতি পত্ৰ। জন্ম মৃত্যুৰ পত্ৰ ডিজেটেলৰ জড়িয়তে কৰাৰ পদক্ষেপৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: