খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম মিলেট অভিযানৰ। মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীৰ মাজত বিভিন্ন কৃষি যন্ত্ৰ-পাতি আৰু কৃষি সামগ্ৰী বিতৰণ কৰি আনুষ্ঠানিকভাৱে অসমত শুভাৰম্ভ কৰে মিলেট অভিযানৰ।
মিলেট অভিযানত চামিল হ'বলৈ মিলেট পদ্ধতিৰে কৃষিকৰ্ম কৰাৰ বাবে অসমৰ ২৮ লাখ কৃষকক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
মিলেটৰ বৰ্ধিত বজাৰখন ধৰিবলৈ কৃষকক সকলো ধৰণে চৰকাৰে সহায় কৰিব বুলি তেওঁ প্ৰকাশ কৰাৰ লগতে এইবাৰ বাজেটত ৫০০খন হাৰ্ভেষ্টাৰ নিৰ্ধাৰণ কৰাৰ কথাও উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে তেল উৎপাদনৰ ক্ষেত্ৰতো গুৰুত্ব দিবলৈ কয়। মুখ্যমন্ত্ৰীয়ে কয়- ১ লাখ ৮৫ লাখ মেট্ৰিকটনহে আমি তেল উৎপাদন কৰোঁ। ১০ লাখ মেট্ৰিকন সৰিয়হৰ তেল আমাক লাগে।
মুখ্যমন্ত্ৰীয় ভাষণত উল্লেখ কৰে- ১২ হাজাৰ সৌৰ শক্তি চালিত পাম্প দিছোঁ, যাতে কৃষক ৰাইজে ডিজেলৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। আগতে ৩ টা আছিল, আৰু ৬টা নিৰ্মাণ কৰিলোঁ। আৰু ২১ টা নতুন মাটি পৰীক্ষাগাৰ নিৰ্মাণ কৰিম। অসমত আমি ৯৬ টা জ্ঞান কেন্দ্ৰ (knowledge center) বনাব বিচাৰিছোঁ। তাৰ ভিতৰত আজি ৩টা উদ্বোধন কৰা হৈছে। কণী ধান, চীনা ধান আমাৰ অসমৰ পৰম্পৰাগত মিলেট খেতি। আমি ধান বিক্ৰী কেন্দ্ৰ বৃদ্ধি কৰিম। ২০৪০ টকাত প্ৰতি কুইণ্টল চাউল বিক্ৰী কৰিব পাৰিব কৃষকে। জহা চাউল, ক'লা চাউল আমাৰ গৌৰৱ। কৃষকে ভোট জলকীয়া, নেমু টেঙা উৎপাদনত গুৰুত্ব দিয়ক। অগৰুৰ খেতি কৰিব পাৰে ঘৰতে, বন বিভাগে বাধা নিদিয়ে।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|