হোটেল তাজ ভিভান্তাত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেও আৰু শিৱসাগৰ জিলাৰ নিৰ্বাচিত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
আৰোহণ শীৰ্ষক এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মেধাৱী শিক্ষাৰ্থীসকলক শৈক্ষিক দিশত দিহা-পৰামৰ্শ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে সোধা প্ৰশ্নৰ উত্তৰো দিয়ে।
বিভিন্ন প্ৰশ্নৰ মাজতে এগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰীক সোধে যে ইমান কৰ্মব্যস্ততাৰ মাজতো নিজৰ পৰিয়ালক কেনেদৰে সময় দিয়ে?
ধেমালিৰে মুখ্য মন্ত্ৰীয়ে কয় - ''মোৰ পত্নী ইয়াতে আছে তেওঁক সোধাচোন।'' সকলো মুখ্যমন্ত্ৰীৰ কথা শুনি আমোদ লাভ কৰে। ইয়াৰ পিছত অৱশ্যে তেওঁ প্ৰশ্নৰ উত্তৰ দি কয়- ''মানুহৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল নিজৰ পৰিয়াল। আমাৰ সমাজত মই প্ৰথম, তাৰ পিছতে মোৰ বিকাশত অৱদান যোগায় পৰিয়ালে, তাৰ পিছত মোৰ বন্ধু-বান্ধৱী আৰু এনেকৈ সেয়া বৃদ্ধি হৈ গৈ থাকে। সেয়ে আমি যিমানে কামত নাথাকো কিয়, আমাৰ মা-দেউতা সময় দিব লাগে।''
মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত এ আৰ ৰহমানৰ সংগীত পৰিৱেশন পৰিয়ালৰ সৈতে চাবলৈ যোৱাৰ উদাহৰণ দি পৰিয়ালক অকণমান সময় দিয়াৰ সদায়ে চেষ্টা চলোৱাৰ কথা কয় আৰু শিক্ষাৰ্থীসকলক মা-দেউতাৰ খবৰ ৰখাৰ পৰামৰ্শ দিয়ে।
আন এগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে দিনৰ দিনটো কৰ্ম কৰি থকাৰ বাবে ক'ৰ পৰা শক্তি পায় জানিব বিচৰাত কয়- শক্তি পাবলৈ আটাইতকৈ ডাঙৰ কথা আমি যিটো কৰোঁ তাত আনন্দ পাব লাগিব। যি কৰ্ম কৰিলে মনে আনন্দ পাই, তেনে কৰ্ম কৰিলে আমি সদায়ে শক্তি পাম।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|