মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দুমাহলৈ ’ইণ্টাৰচেপ্টৰ’ সন্ত্ৰাসৰ পৰা সকাহ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাময়িকভাৱে বন্ধ হ’ল জৰিমনা সংগ্ৰহ

দুমাহলৈ ’ইণ্টাৰচেপ্টৰ’ সন্ত্ৰাসৰ পৰা সকাহ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাময়িকভাৱে বন্ধ হ’ল জৰিমনা সংগ্ৰহ

News18 Assam | News18-Assam
Updated:August 16, 2021, 10:44 PM IST
দুমাহলৈ ’ইণ্টাৰচেপ্টৰ’ সন্ত্ৰাসৰ পৰা সকাহ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাময়িকভাৱে বন্ধ হ’ল জৰিমনা সংগ্ৰহ
মুখ্যমন্ত্ৰীয়ে পথ সজাগতাৰ ওপৰত জনসচেতনতাৰ বাবে দুমাহজোৰা প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে পথ সজাগতাৰ ওপৰত জনসচেতনতাৰ বাবে দুমাহজোৰা প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে।

  • Share this:

ৰাজ্যৰ ঘাইপথসমূহত সংঘটিত ক্ৰমবৰ্ধমান পথ দুর্ঘটনা আৰু যান-বাহনৰ গতিবেগ নিয়ন্ত্রণ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিবহণ বিভাগ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়।


বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ সর্বোচ্চ গতিবেগ প্রতি ঘণ্টাত ১০০ কিঃমিঃ পর্যন্ত হোৱাৰ লগতে স্পর্শকাতৰ অংশসমূহত প্রতি ঘণ্টাত ৪০ কিঃমিঃ ধার্য কৰা সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ়ি নুঠা পর্যন্ত এই গতিবেগ উলংঘা কৰা যান-বাহনৰ পৰা পৰৱর্তী কিছু দিনৰ বাবে জৰিমনা সংগ্রহ বন্ধ ৰাখিবলৈ পৰিবহণ বিভাগক নির্দেশ দিয়ে।


মুখ্যমন্ত্ৰীয়ে পথ সজাগতাৰ ওপৰত জনসচেতনতাৰ বাবে দুমাহজোৰা প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে।

ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহকে ধৰি প্রধান পথসমূহত থকা দুর্ঘটনাপ্রৱণ এলেকাসমূহ চিনাক্ত কৰি সেইসমূহত পর্যাপ্তসংখ্যক পথ নির্দেশনা ফলক স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগকেইটাক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ঘাইপথসমূহৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই স্থানসমূহতো উপযুক্ত আৰু দৃশ্যমান ৰূপত পথ নির্দেশনা ফলক স্থাপনৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে।


ঘাইপথৰ লগতে স্পৰ্শকাতৰ পথত এনেধৰণৰ নিদের্শনা ফলক তথা গতিৰোধক স্থাপন কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক ৩ মাহৰ ভিতৰত সম্পূর্ণ কৰি তুলিবলৈ নির্দেশ দিয়ে। উল্লেখ্য, ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ সর্বোচ্চ গতিবেগ সন্দৰ্ভত ২০১৮ চনৰ ৬ এপ্রিল তাৰিখে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ে জাৰি কৰা জাননী সন্দৰ্ভতে সংবাদ মাধ্যমযোগে বহুল প্রচাৰৰ ব্যৱস্থা কৰিবলৈ তেওঁ নির্দেশ দিয়ে।

Published by: Gautam Barman
First published: August 16, 2021, 10:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি