মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ উলুবাৰীত নৱনিৰ্মিত শ্ৰম ভৱনৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ স্বয়ংক্রিয় পঞ্জীয়ন আৰু নৱীকৰণ ব্যৱস্থাটোৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৱনিৰ্মিত এই শ্রম ভৱনটোৱে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ গতিশীলতা বৃদ্ধি কৰাৰ লগতে অধিক জনমুখী সেৱা প্ৰদান কৰিবলৈ সক্ষম হ'ব। তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে ই-অফিচ ব্যৱস্থা অধিক শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু উপায়ুক্তৰ কাৰ্যালয়, সঞ্চালকালয়ৰ কাৰ্যালয় আৰু অসম সচিবালয়ক সম্পূর্ণভাবে কাগজবিহীন কার্যালয়লৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰি কয় যে, শ্রম কাৰ্যালয়ক ই-অফিচেৰে সামৰি লোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহো ডিজিটেল ব্যৱস্থাৰে সামৰি লোৱাৰ বাবে প্রয়াস চলাব লাগিব। অসম সচিবালয় বর্তমান সময়ত ৯৯ শতাংশ কাগজবিহীন কাৰ্যালয়লৈ ৰূপান্তৰিত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভাগীয় অনুসন্ধানৰ বাহিৰে অন্য সকলো ধৰণৰ কাম-কাজ ইলেকট্রনিক মাধ্যমেৰে কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।
শ্রম আয়ুক্তৰ কাম শ্ৰমিক সকলৰ সুৰক্ষা প্ৰদান কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে তেনে সুৰক্ষা প্ৰদান কৰাৰ বাবে বৰ্তমান ভাৰতবৰ্ষত ২৪ খন আইন বলবৎ হৈ আছে। তেওঁ কয় যে সমগ্ৰ শ্ৰমিকৰ কল্যাণৰ বাবে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে কাম কৰে। মুখ্যমন্ত্রীয়ে কয় যে ব্যৱসায়-বাণিজ্য, উদ্যোগ আদি দিশতো শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ এক বৃহৎ দায়িত্ব আহি পৰে। শ্ৰমিকৰ কল্যাণৰ বাবে কাম কৰাৰ লগতে উদ্যোগ আৰু ব্যৱসায়-বাণিজ্যৰ কাম-কাজৰ ক্ষেত্ৰতো যাতে কোনো জটিলতা আহিব নোৱাৰে সেই দিশতো লক্ষ্য ৰখাটো শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ অন্যতম এক লক্ষ্য বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে, 'ইজ অৱ ডুৱিং বিজনেছ'ৰ জৰিয়তে শ্রমিকৰ স্বাৰ্থৰ লগতে উদ্যোগ খণ্ডৰ বিকাশৰ বাবেও ৰাজ্য চৰকাৰে কাম কৰি আহিছে। যোৱা বিধান সভাত প্ৰায়বোৰ শ্ৰমিক আইনৰ সংশোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সংশোধনৰ ফলত শ্রমিক আৰু ব্যৱসায়ী উভয়ৰে স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে।
মুখ্যমন্ত্রীয়ে কয় যে ডিজিটেলাইজেশানৰ লগতে অট'মেশ্যনৰ ওপৰতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। অট'মেশ্যনৰ জৰিয়তে পৰিবহন বিভাগত যথেষ্ট সফলতা লাভ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী পৰ্যায়ত পৌৰ সভাসমূহত এই ব্যৱস্থাৰ প্ৰয়োগ কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে আজি শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত সূচনা কৰা স্বয়ক্রিয় ব্যৱস্থাটোৱে আৱেদন নিষ্পত্তি কৰাৰ দিশত দ্রুত ফলাফল কঢ়িয়াই আনিব।
আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ শ্রম বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, পর্যটন, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়ক তেৰছ গোৱালা, শ্রম বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, লোকনির্মাণ (গৃহ) বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তীসহ ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 25, 2023, 20:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।