• Home
  • »
  • News
  • »
  • assam
  • »
  • ব’হাগ বিহুৰ পূৰ্বে মুকলি হ’ব মালিগাঁও উৰণীয়া সেঁতু, সন্দিকৈ কলেজৰ পৰা বামুণীমৈদামলৈ হ’ব নতুন উৰণীয়া সেঁতু : মুখ্যমন্ত্ৰী

ব’হাগ বিহুৰ পূৰ্বে মুকলি হ’ব মালিগাঁও উৰণীয়া সেঁতু, সন্দিকৈ কলেজৰ পৰা বামুণীমৈদামলৈ হ’ব নতুন উৰণীয়া সেঁতু : মুখ্যমন্ত্ৰী

Himanta Biswa Sarma (File Photo)

Himanta Biswa Sarma (File Photo)

মুখ্যমন্ত্ৰীয়ে কয়, সন্দিকৈ মহাবিদ্যালয়ৰ পৰা বামুণীমৈদামলৈ ৬ কিলোমিটাৰৰ উৰণীয়া সেঁতু নিৰ্মাণ হ’ব। চাইকেল ফেক্টৰীত নিৰ্মাণ হ’ব এখন উৰণীয়া সেঁতু।

  • Share this:
এই বছৰ ব’হাগ বিহুৰ পূৰ্বে মালিগাঁও উৰণীয়া সেঁতু মুকলি কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। বিহুত নহ’লেও ২০২৩ চনৰ দুৰ্গা পূজাত মুকলি হোৱাটো নিশ্চিত। ২০২৪ চনৰ ব’হাগ বিহুৰ পূৰ্বে জুৰোড উৰণীয়া সেঁতু মুকলিৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটীৰ আৰ্যনগৰৰ উৰণীয়া সেঁতু মুকলি অনুষ্ঠানত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়, সন্দিকৈ মহাবিদ্যালয়ৰ পৰা বামুণীমৈদামলৈ ৬ কিলোমিটাৰৰ উৰণীয়া সেঁতু নিৰ্মাণ হ’ব। চাইকেল ফেক্টৰীত নিৰ্মাণ হ’ব এখন উৰণীয়া সেঁতু। ২০২৩ চনৰ আগভাগত পলাশবাৰী–শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ নতুন দলং নিৰ্মাণ কাম আৰম্ভ হ’ব। বাইহাটাৰ পৰা কুৰুৱা হৈ এক ৰিং ৰোডৰ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। খানাপাৰাৰ পৰা বিমানবন্দৰলৈ এক ৰোপৱে নিৰ্মাণ লক্ষ্য চৰকাৰৰ।

আনহাতে, ২০২৪ চনৰ ভিতৰত দুখন পানী যোগান আঁচনি আৰম্ভ হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কাম তৰিৎ গতিত চলি আছে। ২০২৪ চনত সম্পন্ন হ’ব কাম। পদুম পুখুৰীৰ কাম দ্ৰুতগতিত চলি আছে। এই বছৰতে ফাঁচিবজাৰ বটানিকেল পাৰ্ক মুকলি হ’ব। চান্দমাৰিৰ জলসিঞ্চন, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ স্থানত পাৰ্ক নিৰ্মাণ হ’ব। মহানগৰীক নতুন দিগন্তলৈ নিয়াৰ পৰিকল্পনা চলি আছে। দক্ষিণ এচিয়াৰ হাব গঢ়াৰ লক্ষ্য লোৱা হৈছে।

পৌৰ নিগমক নিকা আৰু স্বচ্ছভাৱে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। GMCৰ ২৫, ২৬টা সেৱা ডিজিটেল সেৱা আগবঢ়াবলৈ আহ্বান। গৃহ নিৰ্মাণ অনুমতি G+3 লৈ উন্নীত কৰিবলৈ আহ্বান। মহানগৰীৰ ভিতৰুৱা স্থানৰ পদপথ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে আৰু ইয়াৰ বাবে লোকনিৰ্মাণ বিভাগে প্ৰতিগৰাকী পাৰিষদক ১০ কোটি টকাকৈ প্ৰদান কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মহানগৰীত স্থান সমূহত আধুনিক নাম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

আনহাতে, পূজাৰ নামত চান্দাক লৈ মুখ্যমন্ত্ৰীয়ে কয়, সৰু সৰু ব্যৱসায়ীক চান্দাৰ নামত হাৰাশাস্তি নকৰিব। অসমীয়া লোকৰ বিৰুদ্ধে বদনাম আছে আনৰ টকাৰে বিহু পতা বুলি। দুৰ্গা পূজা নিজৰ টকাৰে হ’ব লাগে, আনৰ টকাৰে হ’ব নালাগে। চান্দা সংগ্ৰহ নকৰিবলৈ পূজা সমিতিক আহ্বান মুখ্যমন্ত্ৰীৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি