• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: বৰপেটাত বহুমহলীয়া নতুন আদালত ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma: বৰপেটাত বহুমহলীয়া নতুন আদালত ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বৰপেটাৰ উকিল সন্থাৰ বাবে ৩ কঠা মাটি প্ৰদান কৰা হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ l

বৰপেটাৰ উকিল সন্থাৰ বাবে ৩ কঠা মাটি প্ৰদান কৰা হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ l

বৰপেটাৰ উকিল সন্থাৰ বাবে ৩ কঠা মাটি প্ৰদান কৰা হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ l

  • Share this:
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই আজি বৰপেটাৰ ন্যায়িক আদালতৰ নতুন ভৱনটো উদ্বোধন কৰে ৷ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ লগতে আন কেবাজনেও অংশ লয় ৷ আজি বৰপেটাত উদ্বোধন কৰা আদালত ভৱনতো ৰাজ্যখনৰ অত্যাধুনিক প্ৰথমটো বহুমহলীয়া আদালত ভৱন ৷

উল্লেখ্য যে, ২০১৫ চনত ৩৮. ৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ আৰম্ভ কৰা ব্লক ৱান আৰু ব্লক টু পৰ্যায়ৰ দুয়োটা আদালত ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছত আজি আদালত ভৱনটো শুভ উদ্বোধন কৰা হয় ৷ অত্যাধুনিক সা-সুবিধাযুক্ত আৰু শীত-তাপ নিয়ন্ত্ৰিত ১৭ খন আদালতৰ সুবিধা থকা ভৱনটোত পুৰুষ মহিলাৰ বাবে 'সুকীয়া বাৰ', কেন্টিন, গাড়ী পাৰ্কিং আদিৰ ব্যৱস্থা আছে ৷ আনহাতে তিনিমহলীয়া আদালত ভৱনটোত ৮ খনকৈ লিফ্টৰো সুবিধা আছে ৷ ৰাজ্যখনৰ ভিতৰতে বৰপেটা আদালত ভৱনটো অত্যাধুনিক সা-সুবিধাযুক্ত ৷

বৰপেটাত বৰপেটা জিলা সত্ৰ ন্যায়াধীশৰ নতুন আদালত ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়, "মাটিৰ কাজিয়া লাগিলে জ্যেষ্ঠজনৰ কথা নুশুনি আদালতলৈ যাবলৈ লৈছোঁ ৷ পশ্চিমীয়া সভ্যতাই সকলো কথা কোৰ্টত মীমাংসা হ'ব বুলি আমাক শিকায় ৷ কিন্তু আমাৰ সমাজে শিকাইছিলে পৰিয়ালৰ মাজতে সকলো সমাধান হোৱাৰ কথা ৷ সকলো কথা সমাজত সমাধান হ'ব ৷ লাহে লাহে সমাজখন ওভতনি যাত্ৰাৰ মাজলৈ লৈ যাব লাগিব ৷" বিগত সময়ছোৱাত ভাৰতীয় ন্যায়পালিকাই আদালতত বিচাৰাধীন গোচৰ সমুহ মীমাংসাৰ চেষ্টা কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে আকৌ কয় যে অহা ১৫ দিনৰ ভিতৰত সৰু-সুৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে আদালতক অনুৰোধ জনাব l এনেদৰে ন্যায়পালিকাৰ ওপৰৰ পৰা ৮৬ হাজাৰ গোচৰৰ বোজা কমিব বুলি কয়। একেদৰে বছৰি ১০০ কোটিকৈ তিনি বছৰত ন্যায় পালিকাৰ বাবে ৩০০ কৌটি টকা অনুমোদন দিয়া হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

বৰপেটাৰ উকিল সন্থাৰ বাবে ৩ কঠা মাটি প্ৰদান কৰা হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ l নিম্ন আদালত যেতিয়া শক্তিশালী হ'ব ধৰ্ষণ বা হত্যা গোচৰত অভিযুক্তই তেতিয়া আদালতৰ পৰা এটা দিনো ল'ব নোৱাৰাৰ ব্যৱস্থা হ'ব লাগিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
Published by:Manjumoni Borah
First published: