GMCHত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে ২০০খন ICU বেডযুক্ত কোভিড চিকিৎসালয়। এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তও। নতুনকৈ নিযুক্তি লাভ কৰা মুঠ ৮৯৬ গৰাকী নাৰ্ছৰ ৪০ গৰাকীক নিযুক্তি পত্ৰও প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
নিজৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘
আজিৰ দিনটো স্বাস্থ্য সেৱাৰ বাবে মংগলময় দিন। ২০০টা প্ৰকল্পৰ ICU হোৱাটো গৌৰৱৰ দিন। আজি ২০০ ICU মুকলি কৰি মূৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰাই দিয়া যেন লাগিছে। স্বাস্থ্য বিভাগৰ সকলো বিষয়া–কৰ্মচাৰীক ধন্যবাদ জনাইছো।’’
যোৱা ১০ দিনত কোভিড ৰোগীৰ সংখ্যা কমাব পৰা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ অসমত ১১৯১টা ICU মজুত আছে। আজি মই লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে গৰ্ব অনুভৱ কৰিছো। ICUৰ বাবে মানুহে চটফটাই থাকিব লগা হয়। 8খন মেডিকেল কলেজত একম' মেচিনৰ ব্যৱস্থা কৰিম। কোভিড এতিয়াও শংকাজনক হৈ আছে।’’
গুৱাহাটীত কোভিড নীতি শিথিল কৰাৰ পিছতে কোভিডৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিখন জিলাত এটাকৈ বেংক অব অক্সিজেন কনচেন্ট্ৰেটৰৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘৩৫৮৮জন ব্যক্তি কোভিডত মৃত্যু হৈছে। কোভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক কিবা নহয় কিবাকে আমি সহায় কৰিম। অসমৰ মানুহৰ প্ৰতি আমি যি প্ৰতিশ্ৰুতি আছিল সেয়া সদায় থাকিব। ৫৮,৯৮৪টা পৰিয়ালক এতিয়ালৈকে বিনামূলীয়া ৰেচন দিব পাৰিছো।GMCHৰ কৰ্তৃপক্ষক অনুৰোধ, আমাৰ সুনামত কেতিয়াও বদনাম হ'ব নালাগে।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|