• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: পলাশবাৰীত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্ধোধন কৰি শিশুৰ সৈতে উমলিলে মুখ্যমন্ত্ৰীয়ে

Himanta Biswa Sarma: পলাশবাৰীত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্ধোধন কৰি শিশুৰ সৈতে উমলিলে মুখ্যমন্ত্ৰীয়ে

1000 Model Anganwadi Centre: আজি ভাৰ্চুৱেলী ৰাজ্যৰ এহেজাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে।

1000 Model Anganwadi Centre: আজি ভাৰ্চুৱেলী ৰাজ্যৰ এহেজাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে।

1000 Model Anganwadi Centre: আজি ভাৰ্চুৱেলী ৰাজ্যৰ এহেজাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে।

  • Share this:
পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বঙৰাৰ কৈটাসিদ্ধিৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ (Anganwadi Kendra)টো দেওবাৰে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই । বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা কৈতাসিদ্ধিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো মুকলি কৰি আনন্দিত হৈ পৰে মুখ্যমন্ত্ৰী গৰাকী। ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হয় নতুন অংগনবাড়ী কেন্দ্ৰটো । কৈটাসিদ্ধিৰ আদৰ্শ কেন্দ্ৰটোতে গছপুলিও ৰোপণ কৰে মুখ্যমন্ত্ৰীয়ে ।

আদৰ্শ কেন্দ্ৰটোত আছে শিশুৰ খেলৰ সামগ্ৰী, খাদ্য ব্যৱস্থা, অত্যাধুনিক পাকঘৰ, বাথৰূম, বিশুদ্ধ খোৱাপানী, মহিলা গৃহ আদিৰ সুবিধা । "সোণলী শৈশৱ বিকশিত অসম" নামেৰে ৰাজ্য চৰকাৰে লোৱা আঁচনিৰ জৰিয়তে অতীতৰ আওপুৰণি অংগনবাড়ী কেন্দ্ৰসমুহৰ স্থানত এতিয়া আতকধুনীয়াকৈ নিৰ্মিত ১০০০টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ (1000 Model Anganwadi Kendra) দেওবাৰে মিৰ্জাৰ পৰাই উদ্ধোধন কৰে মুখ্যমন্ত্ৰীয়ে।

কামৰূপ জিলাৰ মিৰ্জাৰ আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, গুৱাহাটীৰ সাংসদ কুইন ওজা, কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বিধায়ক দিগন্ত কলিতাই অংশ লয়।

কৈটাসিদ্ধিৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰে দক্ষিণ কামৰূপ জিলা বিজেপিৰ কাৰ্য্যালয়। কৈটাসিদ্ধিৰ অংগনবাড়ী কেন্দ্ৰটোত উপস্থিত থকা দহগৰাকীৰ শিশুৰ সৈতে প্ৰায় ২০ মিনিট সময় কটায় মুখ্যমন্ত্ৰী গৰাকীয়ে। শিশু কেইটাক মৰম কৰি বহু প্ৰশ্ন কৰাৰ লগতে একোটাকৈ উপহাৰৰ টোপোলাও আগবঢ়ায় মুখ্যমন্ত্ৰী শৰ্মাই।
Published by:Manjumoni Borah
First published: