• Home
  • »
  • News
  • »
  • assam
  • »
  • পাণ্ডু পৰ্টত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে চাৰিখনকৈ অত্যাধুনিক ষ্টীল কেটামাৰান জাহাজ, কি কি সুবিধা লাভ কৰিব যাত্ৰীয়ে?

পাণ্ডু পৰ্টত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে চাৰিখনকৈ অত্যাধুনিক ষ্টীল কেটামাৰান জাহাজ, কি কি সুবিধা লাভ কৰিব যাত্ৰীয়ে?

লগতে শুভাৰম্ভ উত্তৰ গুৱাহাটী ফেৰীসেৱাৰ ই-টিকেটিং ব্যৱস্থাও।

লগতে শুভাৰম্ভ উত্তৰ গুৱাহাটী ফেৰীসেৱাৰ ই-টিকেটিং ব্যৱস্থাও।

লগতে শুভাৰম্ভ উত্তৰ গুৱাহাটী ফেৰীসেৱাৰ ই-টিকেটিং ব্যৱস্থাও।

  • Share this:
ৰাজ্যবাসীৰ বাবে সুখবৰ। সোমবাৰে উদ্বোধন কৰা হ'ল চাৰিখনকৈ ষ্টীল কেটামাৰান জাহাজ ক্ৰমে এম. ভি. মেঘনা, এম. ভি. সুদৰ্শন, এম. ভি. পদ্মা আৰু এম. ভি. ইন্দ্ৰ। পাণ্ডু পৰ্টত আয়োজিত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই জাহাজকেইখন উদ্বোধন কৰে।

জানিব পৰা মতে, ইণ্ডিয়ান ৰেজিষ্টাৰ অৱ শ্বিপিঙ চমুকৈ আই আৰ এছ (IRS)ৰ দ্বাৰা অনুমোদিত উমানন্দ ফেৰী সেৱাৰ বাবে উদ্বোধন কৰ জাহাজকেইখন খোদ আই আৰ এছ (IRS)এ তত্ত্বাৱধান কৰিব। উল্লেখ্য যে, আজি উদ্বোধন হোৱা প্ৰতিখন জাহাজতেই ১৮০ হৰ্চ পাৱাৰযুক্ত X6 চিলিণ্ডাৰযুক্ত ২ টাকৈ ইঞ্জিন আছে যিয়ে এবাৰত ১০০ গৰাকীৰ লগতে ৫০ খন মটৰচাইকেল কঢ়িয়াব নিব পৰাকৈ যথেষ্ট উচ্চ ক্ষমতাসম্পন্ন।

ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত চলাচল কৰিবলগীয়া এই জাহাজকেইখন বিশ্ব বেংকৰ সৈতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সম্পন্ন কৰা ৭৭০ কোটি টকীয়া এটা বৃহৎ প্ৰজেক্টৰ অধীনত লাভ কৰা পুঁজিৰে আৰম্ভ কৰা হৈছে।



মন কৰিবলগীয়া কথা যে, এই জাহাজকেইখনত যাত্ৰা কৰা প্ৰতিগৰাকী যাত্ৰীৰ বাবে সুকীয়াকৈ লাইফ জেকেটৰ ব্যৱস্থা থকাৰ বিপৰীতে প্ৰতি চাৰিগৰাকী যাত্ৰীৰ বিপৰীতে এটাকৈ লাইফ বয় ৰিং থাকিব বুলি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

আজিৰ এই উদ্বোধনী অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ বাবে জাহাজকেইখনৰ ই-টিকেটিং ব্যৱস্থাৰো মুকলি কৰে। এই অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই জাহাজ পৰিবহন ব্যৱস্থাই অসমবাসী ৰাইজক বিশেষভাৱে সহায় কৰিব বুলি উল্লেখ কৰে।

মাজুলী ফেৰী দুৰ্ঘটনাৰ পাছতেই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ উদ্যোগত মাজুলীকে আদি কৰি বহুকেইখন ঠাইত ইতিমধ্যে কেইবাখনো অত্যাধুনিক জাহাজৰ চলাচল কৰা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।



ইয়াৰোপৰি অসমৰ জনসাধাৰণক ডিজিটেল মাধ্যমৰ জৰিয়তে উপকৃত কৰাৰ প্ৰচেষ্টা অসম চৰকাৰে অব্যাহত ৰখা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। লগতে, আজি উদ্বোধন হোৱা চাৰিখন জাহাজৰ দুখন মাজুলী-নিমাতিঘাটৰ ফেৰীসেৱাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে আন দুখন গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱাৰ বাবে থাকিব বুলিও তেখেতে জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উদ্বোধনী অনুষ্ঠানত পৰিবহণ বিভাগৰ মুখ্য সচিব কে. কে. দ্বিবেদী, পৰিবহন আয়ুক্ত আদিল খানসহ আন বহুকেইজন বিষয়-ববীয়াও উপস্থিত থাকে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি