• Home
  • »
  • News
  • »
  • assam
  • »
  • কাঁহশিল্প নগৰী সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ! পাঁচখেল গঞা গয়ৰহৰ দ্বাৰা স্থাপিত জগন্নাথ মন্দিৰত মণিকূট গৃহ আৰু বাটচ'ৰাৰ আধাৰ শিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ ...

কাঁহশিল্প নগৰী সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ! পাঁচখেল গঞা গয়ৰহৰ দ্বাৰা স্থাপিত জগন্নাথ মন্দিৰত মণিকূট গৃহ আৰু বাটচ'ৰাৰ আধাৰ শিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ ...

কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ পাঁচখেল গঞা গয়ৰহৰ দ্বাৰা স্থাপিত জগন্নাথ মন্দিৰত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পিছতে দেখা পোৱা গ'ল এক অনন্য ছবি।

  • Share this:

হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পিছতে আকস্মিকভাৱে বেৰিকেডৰ পিছত ৰৈ থকা ৰাইজৰ পিনে আগুৱাই যায় মুখ্যমন্ত্ৰীগৰাকী। ৰৈ থকা ৰাইজৰ লগত সংক্ষিপ্ত ভাৱ বিনিময়ৰ লগতে কৰমৰ্দনো কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে নিচেই কাষতে পাই উৎফুল্লিত হৈ পৰে ৰাইজ। ৰাইজে গামোচা পিন্ধাই আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে জগন্নাথ মন্দিৰৰ মণিকূট গৃহ আৰু বাটচ'ৰাৰ আধাৰ শিলা স্থাপন কৰে। এদিনীয়া ভ্ৰমণেৰে সৰুক্ষেত্ৰী সমষ্টিলৈ অহা মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্থেবাৰী পাচ খেল গঞা ৰাইজে উদ্যোগত নিৰ্মান হোৱা মহাপ্ৰভু জগন্নাথ মন্দিৰত পূজা অৰ্চনা কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্থেবাৰী ৰাইজৰ সামগ্ৰীক সত্তাৰ প্ৰতিফলন জগন্নাথ মন্দিৰটো বুলি উল্লেখ কৰে ৷ ৰাইজে নিৰ্মান কৰা মন্দিৰটোৰ মণিকূটতো নিৰ্মানত চৰকাৰে সহায় সহযোগ কৰিব বুলি উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে সৰ্থেবাৰী ৰাইজে সৰ্থেবাৰী ৩০ খন বিচনাযুক্ত  চিকিৎসালয়খনক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে সোনকালে স্বাস্থ্য মন্ত্ৰী গৰাকীক সৰ্থেবাৰীলৈ আহি চিকিৎসালয়খন নিয়মীয়া আৰু ৰাইজৰ সহায় হোৱাকৈ গঢ়ি তুলিবলৈ অনুৰোধ জনাব বুলি উল্লেখ কৰে ৷ সৰ্থেবাৰী কাঁহ শিল্পৰ সমবায় সমিতিৰ লগত নৱেম্বৰ মাহত গুৱাহাটীত উদ্যোগ বিভাগৰ উপস্থিতিত এখন আলোচনা কৰি কাঁহ শিল্প চহকী কৰাৰ লগতে কহাৰ সকল আৰ্থিক ভাবে উন্নত হ'ব পাৰে তাৰ ব্যৱস্থা হাতত ল'ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে ধুবুৰীত আজি সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে সকলো যাত্ৰী যাতে নিৰাপদে উদ্ধাৰ হয় ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি