দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুকুৰবাৰে জন্মদিন৷ বিজেপি অসম প্ৰদেশে সেৱা আৰু সমৰ্পণৰ ভাৱেৰে ২০ দিনীয়াকৈ পালন কৰিব মোদীৰ জন্মদিন৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনক লৈ চলা প্ৰস্তুতিৰ বুজ ল'বলৈ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়লৈ আহিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি আন বিষয়ববীয়াৰে আলোচনাত মিলিত হ'ল মুখ্যমন্ত্ৰী শৰ্মা৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে আলোচনা কৰিলে উত্তৰ গুৱাহাটীত ২২ আৰু ২৩ ছেপ্টেম্বৰত হ'বলগীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকক লৈও৷ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ভাগ ল'ব ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে৷ কাৰ্যনিৰ্বাহকত বিজেপিয়ে ল'ব গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ, এই কথা অৱগত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনক লৈ এলানি কাৰ্যসূচী লৈছে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চা, যুৱ মৰ্চা, সংখ্যালঘু মৰ্চাকে ধৰি আন মৰ্চাসমূহে৷ শুকুৰবাৰৰ পৰা মহিলা মৰ্চাৰ ফালৰ পৰা প্ৰত্যেক জিলাতে চলিব কোভিড ভেকচিন ড্ৰাইভ৷ ২০ দিন ধৰি চলিব এই ভেকচিন ড্ৰাইভৰ কাৰ্যসূচী৷ প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্যৰ বাবে সন্ধিয়া মন্দিৰ, মছজিদত বন্তি প্ৰজ্বলন কৰিব মহিলা মৰ্চাই৷ মহিলাসকলৰ বাবে বিশেষ স্বাস্থ্য শিবিৰৰো ব্যৱস্থা কৰিব মহিলা মৰ্চাই৷ মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে জিলাই জিলাই কৰিব সজাগতা৷
মহিলাসকলক ছেনিটেৰী নেপকিন ব্যৱহাৰৰ সজাগতা বৃদ্ধিৰ লগতে বিতৰণো কৰিব মহিলা মৰ্চাই৷ ২৪ আৰু ২৫ ছেপ্টেম্বৰত ৰাষ্ট্রীয় আৰু ৰাজ্যিক যিসমূহ চৰকাৰী আচঁনিৰ অধীনত উপকৃত হোৱা হিতাধিকাৰী আছে সেইসকলক সাক্ষাৎ কৰিব মহিলা মৰ্চাই৷ ২৬ আৰু ২৭ ছেপ্টেম্বৰত ৰক্তদান শিবিৰত আগভাগ ল'ব মৰ্চাৰ কাৰ্যকৰ্তাই৷
৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত ৰেচন বিতৰণত সহায়–সহযোগিতা কৰিব মৰ্চাই৷ ২ আৰু ৩ অক্টোবৰত ভেকচিন কেন্দ্ৰসমূহ ভ্ৰমণ কৰাৰ লগতে ৪ আৰু ৫ অক্টোবৰত কৰিব স্বচ্ছতাৰ অভিযান৷ ইয়াৰ মাজতে য'ত য'ত মহিলা মৰ্চাৰ সেৱা আৰু সমৰ্পনৰ কাৰ্যসূচী থাকিব, সেই ঠাইসমূহৰ এগৰাকী বৰেণ্যা মহিলাৰ নামত মহিলা মৰ্চাই ৰোপণ কৰিব গছ পুলি৷
ঠিক একেদৰে ভাৰতী়য় জনতা পাৰ্টী অসম প্ৰদেশৰ যুৱ মৰ্চায়ো হাতত লৈছে এলানি কাৰ্যসূচী৷ বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ নৱনিযুক্ত সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই সংবাদমেলযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে যুৱ মৰ্চাই হাতত লোৱা 'নৱ ভাৰত মেলা', 'নমো কুইজ', 'ৰক্তদান শিবিৰ'ৰ কথা ঘোষণা কৰে৷
বিজেপিৰ কিষাণ মৰ্চায়ো লৈছে 'কিষাণ জোৱান, সন্মান দিৱস'ৰ কাৰ্যসূচী৷ ইফালে বিজেপিৰ সংখ্যালঘু মৰ্চাই প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে শুকুৰবাৰে পুৱা গিৰ্জা, মছজিদত মম জ্বলাই দীৰ্ঘায়ু কামনা কৰিব প্ৰধানমন্ত্ৰীৰ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|