বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:June 13, 2021, 3:53 PM IST
বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
গোসাঁইগাঁও সদৰ চহৰৰ জয় নগৰস্থিত বাসগৃহত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত বিধায়কগৰাকীৰ সমাধিত পুষ্পমাল্যৰে শ্ৰদ্ধা জ্ঞাপন কৰে৷

গোসাঁইগাঁও সদৰ চহৰৰ জয় নগৰস্থিত বাসগৃহত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত বিধায়কগৰাকীৰ সমাধিত পুষ্পমাল্যৰে শ্ৰদ্ধা জ্ঞাপন কৰে৷

  • Share this:
যোৱা ২৬ মে' তাৰিখত কোভিড-১৯ত সংক্ৰমিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আকস্মিক মৃত্যুক সাবটি লোৱা গোসাঁইগাঁও বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ গৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ গোসাঁইগাঁও সদৰ চহৰৰ জয় নগৰস্থিত বাসগৃহত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত বিধায়কগৰাকীৰ সমাধিত পুষ্পমাল্যৰে শ্ৰদ্ধা জ্ঞাপন কৰে৷

বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োসহ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, বিধায়ক ৰবিৰাম নাৰ্জাৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ উপৰি বহু কেইগৰাকী বিপিএফ, বিজেপি আৰু ইউপিপিএলৰ নেতৃবৃন্দই প্ৰয়াত বিধায়কগৰাকীৰ আবাসগৃহত উপস্থিত থকা সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত বিধায়কগৰাকীৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে৷ সম্পূৰ্ণ ব্যক্তিগত আৰু সৌজন্যতা সূচক সাক্ষাৎকাৰৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালটোৰ যি কোনো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে৷

আনহাতে, ২৯ নং কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ এই সাক্ষাৎকাৰত ভূয়সী প্ৰশংসা কৰে৷ তেখেতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এগৰাকী বলিষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আখ্যায়িত কৰি কয়, কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিজে গৈ পুষ্পাঞ্জলি প্ৰদান কৰিছিল৷ ইয়াৰ বাহিৰেও তেখেতে  দুগৰাকী কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ইউ জি ব্ৰহ্মক বিধায়কজনৰ গৃহলৈ পঠিয়াই দি ৰাজ্যিক মৰ্যাদাৰে সন্মান প্ৰদৰ্শন কৰিছিল৷
Published by: Sanjay Kumar Das
First published: June 13, 2021, 3:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি